প্ৰধানমন্ত্ৰীৰ জন্মদিন: ডিব্ৰুগড়ত যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ

By

Published : Sep 18, 2022, 7:22 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ তম জন্মদিনৰ সৈতে সংগতি ৰাখি জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলা সমিতিয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ৰক্তদান শিবিৰৰ(PM Modi turns 72) । ৰক্তদান শিবিৰটি অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়(Assam medical college) । যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলাৰ সভাপতি বিদ্যুৎ গগৈয়ে জানিবলৈ দিয়া মতে আজিও অব্যাহত থাকিব এই ৰক্তদান শিবিৰৰ(Blood donation camp in Dibrugarh) ৷ কালিৰ দিনজোৰা শিবিৰত ইতিমধ্যে প্ৰায় শতাধিক যুৱ মৰ্চাৰ কৰ্মীয়ে ৰক্তদান কৰে । সভাপতিগৰাকীয়ে জনোৱা মতে বৰ্তমান পৰিস্থিতিত মূল্যৱান জীৱন ৰক্ষা কৰিবলৈ ৰক্তদান কৰাটো এক বৃহৎ সমাজ সেৱা । অনুষ্ঠানটোত ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জল ফুকন আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ডাঃ ভাস্কৰ গগৈ উপস্থিত থাকি অনুষ্ঠানটো পৰিদৰ্শন কৰাৰ লগতে উদ্যোক্তাসকলৰ পদক্ষেপৰ শলাগ লোৱাও পৰিলক্ষিত হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.