Bathou puja celebration: ধেমাজিত উলহে মালহেৰে বাথৌ পূজা উদযাপন

By

Published : Jan 24, 2023, 8:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে বাথৌ পূজা (Bathou puja celebration) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো উলহে মালহেৰে বাথৌ পূজা উদযাপন কৰা হৈছে (Bathou puja celebration in Dhemaji) ৷ ধেমাজি জিলাৰ হাতীগড়ৰ হাউলি গাঁৱত উখল মাখল পৰিৱেশত বড়ো জনগোষ্ঠীৰ পুৰুষ মহিলা সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বড়ো সকলৰ ধৰ্মীয় উৎসৱ বাথৌ পুজা উদযাপন কৰা হয় ।  

পুৱা মাংগলিক ৰীতি-নীতিৰে বাথৌ মন্দিৰত আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰা হয় ৷ ইয়াৰ পিছতে পূজাৰ বাবে পতাকা উওোলন কৰে দাৰেন্দ্ৰ দৈমাৰীয়ে ৷ পূজাৰ লগত সংগতি ৰাখি এখন ধৰ্মীয় আলোচনা চক্ৰৰ আয়োজন কৰিছে উদ্যোক্তাসকলে ৷

প্ৰকৃততে বাথৌ শব্দৰ অৰ্থ হৈছে 'পঞ্চ' আৰু থৌ মানে 'তত্ব' । এই পঞ্চতত্বক বিশ্বাস কৰিয়েই বড়ো লোকসকলে প্ৰতি বছৰে উলহ-মালহেৰে পালন কৰি আহিছ এই বাথৌ পূজা । বাথৌ পূজাৰ দিনটোত ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে বড়ো সম্প্ৰদায়ৰ পুৰুষ-মহিলাসকলে (Bodo people celebrated Bathou Puja) ।  

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান । বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা । সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয় । হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে । বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা ।

বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাচত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয় । পূজাত মদ-মাংস আদিৰে নৈবদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয় ।

লগতে পঢ়ক: Bathou Puja celebrated in Nagaon : নগাঁৱত উলহ-মালহেৰে উদযাপন বাথৌ পূজা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.