Badaruddin Ajmal Slams BJP : কোনো চৰকাৰৰ লগতেই আমাৰ বুজাবুজি নাই: আজমল

By

Published : Dec 1, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

"চৰকাৰ যাৰেই নহওক, নিৱনুৱা সমস্যা বৰ্তমান আমাৰ সকলোতকৈ ডাঙৰ সমস্যা ৷ যিকোনো প্ৰকাৰে এই সমস্যাৰ সমাধান হ’ব লাগে ৷ আমাৰ কোনো চৰকাৰৰ লগতে বুজাবুজি নাই ৷" কৰিমগঞ্জৰ বদৰপুৰত আজি বিজেপিৰ বিৰুদ্ধে এই মন্তব্য প্ৰকাশ কৰে বদৰুদ্দিন আজমলে (Badaruddin Ajmal In Karimganj) ৷ "আমাৰ মুছলমান চুপাৰি ব্যৱসায়ীক বৰবাদ আৰু ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে" বুলি অভিযোগ উত্থাপন কৰে সাংসদ বদৰুদ্দিন আজমলে (Badaruddin Ajmal Slams BJP)। স্থানীয় চুপাৰি ব্যৱসায় বন্ধ কৰি দালালৰাজ চলোৱা হৈছে আৰু ইয়াৰ সৈতে "ডাঙৰ মানুহ" জড়িত হৈ আছে বুলি অভিযোগ কৰে আজমলে (Badaruddin Ajmal on Supari syndicate)। বদৰুদ্দিন আজমলে কয যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এক শতাংশও সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা নাই ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.