Loot on train: বদৰপুৰ ৰে’ল আৰক্ষীৰ জালত চাৰিটা চোৰ

By

Published : Dec 13, 2022, 8:34 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

বদৰপুৰ ৰে'ল আৰক্ষীৰ বৃহৎ সফলতা ৷ দীৰ্ঘদিন ধৰি ৰে’লত লুট-পাত চলোৱা (Loot on train) 4 টা কুখ্যাৎ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৰে’ল আৰক্ষী (Thieves arrested in Badarpur) ৷ ২৭ নগদ হাজাৰ টকা আৰু 7 টা মোবাইলৰ লগতে সোণৰ অলংকাৰসহ 4 টা ডকাইতক আটক কৰে ৰে'ল আৰক্ষীয়ে । কুখ্যাত ডকাইত কেইটাৰ পৰা 1.45 গ্ৰাম ব্ৰাউন চুগাৰো জব্দ কৰে ৰে'ল আৰক্ষীয়ে (Drugs seized from train)। ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিষেক বড়োৱে কয় যে, বৰাক-ব্ৰহ্মপুত্ৰ ট্ৰেইনত চোৰৰ এটা দল আছিল বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ সেই সূত্ৰ ভিত্তিত ৰে’লখন বদৰপুৰ ষ্টেচন পোৱাৰ লগে লগে অভিযান চলাইছিল ৰে'ল আৰক্ষীয়ে । এই অভিযানত জাভেদ আলী, ইছলাম উদ্দিন, ছামিম আহমেদ, চালাম উদ্দিন নামৰ চাৰিটা কুখ্যাত ডকাইত জালত পৰে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.