Angurlata Deka in controversy : আঙুৰলতাৰ বিৰুদ্ধে সোণাৰিত আটাছুৰ প্ৰতিবাদ
Published on: Aug 4, 2022, 2:05 PM IST

আহোম জনগোষ্ঠীক অপমান কৰি বিতৰ্কত বিজেপি নেত্ৰী আঙুৰলতা ডেকা (Angurlata Deka in controversy)। শেহতীয়াকৈ আহোম জনগোষ্ঠী মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছে আঙুৰলতাৰ বিৰুদ্ধে । যাৰ বাবে ৰাজ্যজুৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে (Protest against BJP leader Angurlata Deka)। এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সদৌ টাই আহোম ছাত্ৰ সন্থা । সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে লাচিত উদ্যানত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (ATASU protest in Sonari)। আহোম জনগোষ্ঠীক কৰা অপমানৰ ক্ষমা নুখুজিলে আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও কৰাৰো হুংকাৰ দিয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাই ।
Loading...