কেমেৰাৰ সন্মুখত উচুপি উঠিল আশাকৰ্মী

By

Published : Sep 24, 2022, 4:23 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কংগ্ৰেছৰ দিনত ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থকা সময়তে আশাকৰ্মীসকলক নিযুক্তি দিয়া হৈছিল (Asha worker appointment)। কিন্তু চৰকাৰ পৰিৱৰ্তন হ'ল । বৰ্তমান সেইগৰাকী স্বাস্থ্য মন্ত্ৰীও এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল । কিন্তু আশাকৰ্মীসকলৰ সমস্যা আজিলৈ সমাধান নহ'ল (Asha worker problem)। চাকৰি নিয়মীয়াকৰণ, মাননীৰ পৰিৱৰ্তে মাহিলি মজুৰি প্ৰদান কৰা, পেঞ্চনৰ সুবিধা আদি দাবীসমূহ দাবী হৈয়ে থাকি গ'ল । আনকি কামৰ বিপৰীতে যি মাননী তেওঁলোকক দিয়া সেয়া এটা পৰিয়াল নচলে বুলিও অভিযোগ কৰে আশাকৰ্মীসকলে । আনকি আশাকৰ্মীসকলে তেওঁলোকৰ দাবীসমূহ সময়ে সময়ে উত্থাপন কৰাৰ পাছতো আজিলৈ চৰকাৰে কোনো পদক্ষেপ নল'লে । যাৰ বাবে কাকীত হোজাই জিলাৰ একাংশ আশাকৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে (Asha worker demand)। তেওঁলোকৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰি কান্দোনত ভাগি পৰে আশাকৰ্মীসকলে । আশাকৰ্মীসকলৰ মতে কংগ্ৰেছৰ দিনত ৰোপণ কৰা গছপুলিটো কেনেদৰে সাৰ-পানী দিব লাগে সেই বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানে । সেয়ে অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ আশাকৰ্মীসকলে দাবী জনায় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.