Airplane style house: তৰণী সেন বডোচাৰ ঘৰটো আজিও আকৰ্ষণৰ কেন্দ্ৰ বাক্সাবাসীৰ বাবে

By

Published : Jan 6, 2023, 6:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বাক্সা জিলাৰ শালবাৰীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী শিমলাৰ এটা বিশেষ ঘৰ ৷ অঞ্চলটোৰ লোকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ঘৰটো ৷ কাৰণ ঘৰটোৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন উৰাজাহাজ (Aeroplane style House in Baksa) ৷ এই উৰাজাহাজ চাবলৈ সোঁত বয় অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে ৷ শিমলাৰ এই ঘৰটোৰ গৰাকীৰ নাম তৰণী সেন বডোচা ৷ তেওঁ এগৰাকী অৱসৰী শিক্ষক ৷ নিজৰ পেঞ্চনৰ ধনেৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে এই ব্যতিক্ৰমী ঘৰটো (Baksa special home) ৷ অৱসৰী শিক্ষক তৰণী সেন বডোচাই জানিবলৈ দিয়া মতে গাঁও অঞ্চলৰ ল'ৰা-ছোৱালীয়ে সহজতে দেখা নাপায় উৰাজাহাজ ৷ সেয়ে গাঁৱৰ ল'ৰা-ছোৱালীক উৰাজাহাজ দেখুৱাবৰ বাবে নিজৰ ঘৰৰ ওপৰতে এনেদৰে উৰাজাহাজৰ এটা আৰ্হি নিৰ্মাণ কৰে তৰণী চৰণ বডোচাই (Home build like Air bus) ৷ অঞ্চলটোলৈ অহা লোকসকলৰ লগতে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে নিজেই আহি প্ৰত্যক্ষ কৰিছিল এই ব্যতিক্ৰমী ঘৰটো ৷ প্ৰায় ডেৰ লাখ টকা ব্যয়েৰে থলুৱা মিস্ত্ৰীৰ দ্বাৰা অৱসৰপ্ৰাপ্ত শিক্ষকজনে এইঘৰটো নিৰ্মাণ কৰিছিল বুলি জনাইছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.