Labor unions protest in Sasal: দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি চচলত প্ৰতিবাদ

By

Published : Nov 12, 2022, 10:35 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্যৰ গৃহ নিৰ্মাণৰ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ নামত ৮০ কৌটি টকা আত্মসাৎ কৰাৰ অভিযোগত ঠিকাদাৰ আলোক সৰকাৰ আৰু দুৰ্নীতিগ্ৰস্ত শ্ৰম বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা বুলি একত্ৰিত শ্ৰমিক সন্থাই উত্থাপন কৰিছে অভিযোগ ৷ এই অভিযোগক লৈ সংশ্লিষ্ট বিভাগ তথা আৰক্ষীৰ ভুমিকাত ক্ষুব্ধ হৈ শনিবাৰে সন্থাই ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Labor unions protest in Sachal) ৷ প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক শ্ৰমিকে ন্যায্য প্ৰাপ্তিৰ দাবী তুলি কৰা প্ৰতিবাদে উত্তাল কৰি তোলে চচলৰ ধৰ্ণাস্থলী ৷ প্ৰতিবাদকাৰীসকলে শ্ৰমিকৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা আলোক চৰকাৰক অতি সোনকালে গ্ৰেপ্তাৰ কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনায় ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.