Tense situation at Golaghat : নলা নিৰ্মাণক লৈ গোলাঘাট নগৰৰ ৬ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি
Published on: Jan 22, 2023, 2:07 PM IST

দেওবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল গোলাঘাট নগৰৰ ৬ নং ৱাৰ্ড (Tense situation at Golaghat) ৷ এটা নলা নিৰ্মাণক লৈ আৰক্ষী, পৌৰসভাৰ কৰ্মচাৰীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় গোলাঘাট নগৰৰ ৬ নং ৱাৰ্ডৰ তপন নগৰৰ এটা পৰিয়াল ৷ অভিযোগ অনুসৰি, বাৰে বাৰে নলা নিৰ্মাণৰ নামত হাৰাশাস্তি কৰি আহিছে গোলাঘাট পৌৰসভাই (Allegation against Golaghat Municipality Board)।
ইতিপূৰ্বেও দুবাৰকৈ নলা নিৰ্মাণৰ নামত উক্ত পৰিয়ালটোৰ চৌহদৰ পকী ৱাল ভাঙি দিয়াৰ লগতে বহু গছ-গছনি কাটি পেলাইছে ৷ কিন্তু অন্য স্থানৰ বিপৰীতে কিয় উক্ত স্থানটোহে বাৰম্বাৰ বাচি লয় পৌৰসভাই, যাক লৈ সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিযোগকাৰী পৰিয়ালটোৱে ৷
ইফালে নিয়ম অনুসৰিয়েই নলা নিৰ্মাণৰ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰে পৌৰসভাৰ কৰ্মচাৰীয়ে ।
Loading...