Gamblers Arrested at Goreswar: গোৰেশ্বৰত বিহুৰ দিনাই 9 জুৱৰী আটক

By

Published : Jan 16, 2023, 5:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ভোগালীৰ উচাহ উদ্দীপনাত ব্যস্ত ৰাজ্যবাসী (Bhogali bihu celebrated in Assam)। বিহুৰ প্ৰথম দিনটোতেই গোৰেশ্বৰৰ পৰা আৰক্ষীয়ে ৯ টা জুৱাৰীক আটক কৰে (9 gamblers arrested) ৷ আটকাধীন জুৱাৰীকেইটা ক্ৰমে চান মহম্মদ, গোপাল নমো দাস, আলী হুছেইন, উমেশ ডেকা, নাৰায়ন ৰাভা, মছলীমুদ্দিন, অনন্ত দেৱনাথ, মিন্টু শীল আৰু মইনুল হক বুলি জানিব পৰা হৈছে । 

মাঘ বিহুৰ সন্ধিয়া বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰা এলেকাৰ ২ নং ৰৌমাৰীৰ পৰা গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ (OC Mridul Hazarika) নেতৃত্বত এক অভিযান চলোৱা হৈছিল । এই অভিযানত গোৰেশ্বৰ আৰক্ষীয়ে মহৰিপাৰা এলেকাৰ পৰা 9 টা জানুৱাৰীক আটক কৰে ৷

অভিযানত গোৰেশ্বৰ আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰীৰ লগতে 8 টা মোবাইল ফোন, এখন বাইক আৰু নগদ 26,920 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি অঞ্চলটোত জুৱাৰ ৰমৰমীয়া বেহা চলি আছিল । আটকাধীন জুৱাৰীকেইটাৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.