74 th republic day celebration: ধেমাজি জিলাৰ বিভিন্ন স্থানত 74 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন

By

Published : Jan 27, 2023, 7:15 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail


জোনাই, ২৬ জানুৱাৰী : সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰৰ দিনটোত পালন কৰা হয় 74 সংখ্যক গণৰাজ্য দিৱসৰ (74 th republic day)৷ দেশৰ লগতে ৰাজ্যখনতো বৃহস্পতিবাৰে ব্যাপক আড়ম্বৰেৰে পালন কৰা হয় গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাটো পালন কৰা হয় গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী ৷ জিলাখনৰ সানজাৰি নৌগৰস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ । পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উন্মুক্ত কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে (Boro Kachari Welfare Autonomous Council) । 

গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা পৰিলক্ষিত হয় ৷ পতাকা উন্মুক্ত কৰাৰ পাচতে প্ৰদৰ্শন কৰা হয় বাগুৰুম্বা নৃত্য (74 th republic day celebration in Dhemaji)। ৰং বিৰঙী জাতীয় সাজ-পোছাক পৰিধান কৰি প্ৰদৰ্শন কৰা বাগুৰুম্বা নৃত্যই অনন্য কৰি তোলে পৰিষদৰ চৌহদ তথা অনুষ্ঠানস্থলীৰ পৰিৱেশ । 74 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে পৰিষদৰ বিষয়ববীয়াসকলে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী ৰোমিঅ নাৰ্জাৰীয়ে কয় যে, পৰিষদে অনাগত দিনবোৰত গুণগত শিক্ষা, নিৱনুৱা যুৱক-যুৱতী সকলৰ জীৱন- জীৱিকাৰ বাবে দক্ষতা বিকাশ, ক্ৰীড়া, কলা-কৃষ্টি-সংস্কৃতিৰ ৰক্ষণাবেক্ষণ, চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰি যাব । অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰী, কেইবাগৰাকী কাৰ্যবাহী সদস্য, ইউ বি পি অৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ লগতে জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে । 

উল্লেখ্য যে, 74 সংখ্যক দেশৰ ৰাজধানী দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে দেশৰ ৰাষ্ট্ৰ্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ আৰু আমাৰ ৰাজ্যখনত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ৷ দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)ৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী তথা বিষয়াসকল ৷ এইবাৰৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছি ৷

লগতে পঢ়ক : Three Assamese awarded Padma Shri: বিশিষ্ট বয়ন শিল্পী মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.