Magh Mela 2023: আজিৰে পৰা আৰম্ভ ঐতিহাসিক ৭১ সংখ্যক সুৱনখাটা মাঘী মেলা

By

Published : Jan 18, 2023, 2:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক ৭১ সংখ্যক সুৱনখাটা মাঘী মেলা (Magh Mela 2023) আৰু ১১ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা (Indo bhutan Friendship Mela)। সুৱনখাটাত ৮ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মেলা ৷ প্ৰথম দিনাই বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা খাদ্য, সাজসজ্জাৰে ভৰি পৰিল মেলাস্থলী ৷ আজি বিটিআৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে মূল তোৰণখন মুকলি কৰাৰ পিছতেই মেলাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন পাঠক দাসে । ইয়াৰ পিছতেই বড়ো, ৰাভা, গোৰ্খা, চাওতালী আৰু আদিবাসী আদি জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হৈ পৰে মেলাস্থলী । উল্লেখ্য যে এই মেলাৰ লগত সংগতি ৰাখি ভূটানৰ বহুকেইটা বাণিজ্যিক আৰু সাংস্কৃতিক দলৰ অংশগ্ৰহণৰ কথা আছিল যদিও পৰিস্থিতিগত কাৰণত বৰ্তমানলৈ ভূটানৰ পৰা কোনো নিশ্চিত অনুমতি লাভ কৰা নাই । তৎসত্বেও আগন্তুক কাৰ্যসূচীত বিভিন্ন নৃত্য গীতৰ লগতে বিভিন্ন বাণিজ্যিক বিপণিয়ে অংশগ্ৰহণ কৰিব ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.