হাউলীৰ খন্দকাৰপাৰাত জুৱাৰ ঘাটি উৎখাত: ৬ জুৱাৰী আটক

By

Published : Sep 18, 2022, 10:31 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

অবৈধ জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against gambler)। ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ়ি উঠা জুৱাৰ ঘাটি উৎখাত কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে চলাই গৈছে অভিযান । বৰপেটা জিলাতো জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে (Operation against Gambling at Barpeta)। জিলাখনৰ হাউলীত এইবাৰ আৰক্ষীৰ বৃহৎ অভিযান । হাউলীৰ খন্দকাৰপাৰাত জুৱাৰ ঘাটিত আৰক্ষীয়ে অভিযান চলাই ৬ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় (Gambler Arrested at Howly)। আটকাধীন জুৱাৰীকেইটা ক্ৰমে হাউলীৰ হাজীপাৰাৰ হানিফ আলী, জিয়াৰুল তালুকদাৰ, আব্দুল ৰেজ্জাক, খন্দকাৰপাৰৰ আব্দুল ৰহমান আলী, চামচুল হ'ক আৰু আব্দুল ৰহমান । অভিযোগ অনুসৰি এটা চক্ৰই খন্দকাৰপাৰাত দৈনিক লক্ষাধিক টকাৰ জুৱা খেল পাতি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে । এই অভিযোগৰ ভিত্তিতে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই জুৱাৰী কেইটাক আটক কৰে । জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ১৩ হাজাৰ টকা, ৬ টা মোবাইলসহ কিছু খেলৰ সামগ্ৰী জব্দ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.