Illegal Sand mining in Majuli: মাজুলীৰ গেজিং চাপৰিত অবৈধ বালি খনন

By

Published : Nov 23, 2022, 1:53 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে মাজুলীতো অৱৈধভাৱে চলিছে বালি খনন (Illegal Sand mining at Majuli) । বন বিভাগৰ ৰিজাৰ্ভত অবৈধ ভাৱে চলিছে এই খনন (Illegal mining in forest departments reserve)। কোনো ধৰণৰ টিপি নোহোৱাকৈ বন বিভাগৰ ছত্ৰছায়াত চলিছে এই খনন কাৰ্য । মাজুলীৰ গেজিং চাপৰিৰ বিশাল এলেকাত মাটি খান্দি নিয়াৰ পাছতো বন বিভাগ নিমাত (Illegal mining in Majulis Ghazing Chapri)। প্ৰতিদিনেই এনেদৰে চলিছে বালি খনন কাৰ্য । সাংবাদিকৰ কেমেৰা দেখি বালি খান্দি থকা অৱস্থাৰ পৰাই পলাল ট্ৰেক্টৰৰ লগতে অবৈধ খননত জড়িত ব্য়ৱসায়ী ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.