Drugs seized in Cachar: কাছাৰত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ

By

Published : Dec 28, 2022, 2:52 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ৰাজ্যত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা । ইয়াৰ মাজতেই কাছাৰত জব্দ হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট (Intoxicating tablets seized in Cachar) ৷ বিএছএফ আৰু কৰিমগঞ্জ শুল্ক বিভাগে কালাইনৰ হিলাৰাত জব্দ হৈছে ১৭০০০ হাজাৰ য়াবা টেবলেট জব্দ কৰে ৷ এই টেবলেটসমূহ এম এল ০৫ পি ৮৬৫৪ নম্বৰৰ বাহনত ৮৯টা সৰু পেকেটত অনা হৈছিল ৷ মেঘালয়ৰ পৰা শিলচৰলৈ সৰবৰাহৰ সময়ত টেবলেটসমূহ জব্দ কৰা হয় (Huge quantity of Drugs seized at Karimganj) ৷ এই সন্দৰ্ভত চালক জনকো গ্ৰেপ্তাৰ কৰা হৈছে ৷ জব্দ কৰা টেবলেটৰ আন্তঃ ৰাষ্ট্ৰীয় বজাৰ মুল্য ১ কোটি ৭০ লাখ টকা বুলি সদৰী কৰিছে শুল্ক বিভাগে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.