Flood in Darrang: দৰঙত বানৰ তাণ্ডৱ

By

Published : Aug 1, 2022, 5:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

দৰঙত পুনৰ ননৈ নৈৰ তাণ্ডৱ ৷ ছিপাঝাৰ সমষ্টিৰ ঢেঁকীপাৰাৰ মথাউৰিৰ ছিগা অংশৰে হোৰা-হোৰে সোমাইছে বাঢ়নী পানী (Flood in Darrang) ৷ ফলত পুনৰ বানৰ কৱলত পৰিছে বচাচুবা, শ’লপাম আৰু ঢেঁকীপাৰা গাঁৱৰ কেইবাশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে বাটপথ (Flood washes out road) ৷ বানত নষ্ট হৈছে শ শ বিঘা খেতি পথাৰ (Flood ruin thousands hectares of crops) ৷ উল্লেখ্য যে, প্ৰায় ৪০ দিন পূৰ্বে ননৈ নদীৰ বাঢ়নী পানীয়ে একে নিশাৰ ভিতৰতে পাঁচটা স্থানৰ মথাউৰি ছিগি বান বিভিষিকাৰ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তীসময়ত জলসম্পদ বিভাগে মথাউৰিটোৰ ছিগা অংশসমূহত কেইবা কোটি টকা ব্যয়েৰে ৰিং বান্ধৰ কাম কৰি আছিল ৷ যদিও কাম লেহেমীয়া হোৱা হেতুকে পুনৰ ননৈ নৈৰ ঢেঁকীপাৰাৰ মথাউৰিৰ ছিগা অংশৰে বাঢ়নী পানী সোমাই অঞ্চলটোত বানৰ তাণ্ডৱ সৃষ্টি কৰিছে (Flood again Darrang) ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.