Drug seized at Chabua: চাবুৱাত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Aug 2, 2022, 11:19 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Anti drugs mission) ৷ সম্প্ৰতি ড্ৰাগছকে ধৰি এইসমূহ অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই নতুন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচা জাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ শেহতীয়াকৈ চাবুৱাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীয়ে অভিযান চলাই এখন দুচকীয়া বাহনত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত চাবুৱা জেৰাই গাঁৱৰ দুটা সৰবৰাহকাৰীক খেদি খেদি আটক কৰে (Drugs peddlers Arrested by Lahowal Police) ৷ লগতে প্ৰায় ১.৬৪ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰীদলটোৱে (Drug seized at Chabua) ৷ আটকাধীন সৰবৰাহকাৰী দুটা জৰাই নলনী হোলা গাঁৱৰ মানস হাজৰিকা (২০) আৰু পানীতোলাৰ বিপ্লৱ বৰুৱা (২১) বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.