Drugs burn at Duliajan:দুলীয়াজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন

By

Published : Jul 30, 2022, 3:31 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্য়ৰ আন জিলাৰ লগতে ডিব্ৰুগড় জিলা আৰক্ষীয়েও ড্ৰাগছ, ভাং আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে(Drugs burn by Dibrughar police administration at Duliazan)। জিলাখনত যাতে ড্ৰাগছ, ভাং আৰু নিচাযুক্ত সামগ্ৰীৰ ঘাটি হ'ব নোৱাৰে তাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰ হৈছে । শণিবাৰে দুলীয়াজানত নিষিদ্ধ ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ণ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ জনস্বাস্থ্য বিভাগত অৱস্থিত ইনচিনেৰেটৰ (incinerator)মেচিনত দাহন কৰে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্ৰাগছ, ভাং সহ নিচাযুক্ত কেপচুল । বিগত দিনত সমগ্ৰ ডিব্ৰুগড় জিলাখনত আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হোৱা ৪ কেজি ৩০০ গ্ৰাম নিষিদ্ধ ব্ৰাউন ছুগাৰ, ৪৫ কেজি ৫১৯ গ্ৰাম ভাং আৰু ৮৪০৫ টা নিচাযুক্ত কেপচুল দাহন কৰে । সমগ্ৰ দাহন প্ৰতিক্ৰিয়া তদাৰক কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.