Accident at Lahowal: লাহোৱালৰ পথ দুৰ্ঘটনাৰ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ
Published on: Aug 4, 2022, 3:28 PM IST

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নতুন আলিত বুধবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অভিযুক্ত ৰানু চেতিয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে(Accused of Lahowal accident sent to jail)। লাহোৱাল আৰক্ষী থানাত ৰুজু হোৱা ১০৮/২২ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪ অধীনত গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে বুধবাৰৰ পুৱাৰ ভাগত নতুন আলিৰ জয়পুৰ পথত তীব্ৰ বেগী বাহনে মহতীয়াই নিছিল নিৰ্মল দাস, বিক্ৰম মাহিলী আৰু লক্ষ্মী পাতৰ নামৰ শ্ৰমিক কেইজনক । ডিব্ৰুগড় চহৰলৈ কাম কৰিবলৈ যোৱাৰ পথত এখন বাহনে মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হৈছিল শ্ৰমিক কেইজন । ইয়াৰ পাছতে বুধবাৰে আবেলি তিনিতাকৈ মৃতদেহ ৰাজপথত লৈ ন্যায় বিচাৰি ৰাইজে প্ৰতিবাদ কৰে(Protest at Lahowal in Dibrugarh)। ৰাইজৰ প্ৰতিবাদৰ পাছত অভিযুক্ত ৰানু চেতিয়াৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে ।ইফালে, এই ঘটনাক লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।
Loading...