World Diabetes day 2022: ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা

author img

By

Published : Nov 14, 2022, 5:07 AM IST

world-diabetes-day-2022-know-history-and-theme-of-this-year

বৰ্তমান জীৱনশৈলীত ডায়েবেটিছ এক ডাঙৰ সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিছে । প্ৰত্যেকখন ঘৰত এতিয়া এজন বা দুজন ডায়েবেটিছ ৰোগী হোৱাটো প্ৰায় নিশ্চিত । কেৱল বৃদ্ধসকলেই নহয়, যুৱক-যুৱতীসকলেও ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে । সেয়েহে এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিছ দিৱস হিচাপে পালন কৰা হয় ।

ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ শৰীৰত ইনচুলিন নামৰ এবিধ হৰমনৰ সম্পূর্ণ বা আপেক্ষিক অভাৱত বা এই ইনচুলিনে আমাৰ শৰীৰত সঠিকভাবে কাম নকৰাৰ বাবে হয় । এই ইনচুলিন আমাৰ শৰীৰৰ অগ্নাশয় (Pancreas) নামৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হয় । ইনচুলিনে (Insulin) শৰীৰৰ শৰ্কৰা (Carbohydrates), প্ৰ'টিন(Protein) আৰু চৰ্বীজাতীয় খাদ্য হজম প্রক্রিয়াত অংশ লয় ।

ইনচুলিনৰ অভাৱত ঘাইকৈ তেজত চেনি বা গ্লুকজৰ পৰিমাণ বৃদ্ধি পায় । ডায়েবেটিছ ৰোগত শৰীৰত ইনচুলিন কমি অহাৰ বাবে বিভিন্ন বিপাকীয় পৰিবর্তন হয়, ফলত শৰীৰৰ বিভিন্ন অংগ, যেনে-চকু, হৃদপিণ্ড, স্নায়ু, বিভিন্ন ধমনী অসুস্থ হৈ পৰিব পাৰে ।

বৰ্তমান জীৱনশৈলীত ডায়েবেটিছ এক ডাঙৰ সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিছে । প্ৰত্যেকখন ঘৰত এতিয়া এজন বা দুজন ডায়েবেটিছ ৰোগী হোৱাটো প্ৰায় নিশ্চিত । কেৱল বৃদ্ধসকলেই নহয়, যুৱক-যুৱতীসকলেও ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে ।

world-diabetes-day-2022-know-history-and-theme-of-this-year
ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা

বৰ্তমান দেশত যুৱ প্ৰজন্মৰ জনসংখ্যাৰ মাজত বহু ডায়েবেটিছ ৰোগী আছে আৰু এই সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে । সেয়েহে এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয়(14th November special day) । চহৰৰ জনসংখ্যাতকৈ গ্ৰামাঞ্চলত ডায়েবেটিছ ৰোগীৰ সংখ্যা কম, যাৰ কাৰণ হয়তো খাদ্য গ্ৰহণৰ পাৰ্থক্য । এই ৰোগ প্ৰতিৰোধৰ বাবে কেৱল সজাগতাই নহয় জীৱনশৈলীৰ পৰিৱৰ্তনও খুবেই গুৰুত্বপূৰ্ণ ।

বিশেষজ্ঞসকলৰ মতে, অনিয়মিত খাদ্যাভ্যাস আৰু কম শাৰীৰিক কাৰ্যকলাপৰ বাবে চহৰাঞ্চলত ডায়েবেটিছ ৰোগীৰ উপস্থিতিৰ সম্ভাৱনা অধিক ।

বিশ্ব ডায়েবেটিছ দিৱসৰ ইতিহাস:

১৯২২ চনত চাৰ্লছ বেষ্টৰ সৈতে ইনচুলিন আৱিষ্কাৰ কৰা ছাৰ ফ্ৰেডেৰিক বেণ্টিঙৰ জন্মদিনত বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় । মধুমেহ ৰোগৰ বিষয়ে সকলোৰে সজাগ কৰাৰ বাবে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়(History of World Diabetes Day) ।

world-diabetes-day-2022-know-history-and-theme-of-this-year
ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা

প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ভিত্তিত এই দিৱস পালন কৰা হয় । এইবাৰ বিশ্ব ডায়েবেটিছ দিৱসৰ বিষয়বস্তু হৈছে ‘ডায়েবেটিছ শিক্ষাৰ সুবিধা’।

বিশ্ব ডায়েবেটিছ দিৱসৰ তাৎপৰ্য:

বিশ্ব ডায়েবেটিছ দিৱস হৈছে বিশ্বৰ সৰ্ববৃহৎ ডায়েবেটিছ সজাগতা অভিযান, যিয়ে ১৬০ খনতকৈও অধিক দেশৰ ১ বিলিয়নৰো অধিক লোকৰ কাষ চাপিছে । এই অভিযানে মধুমেহ ৰোগৰ সমস্যাৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে(Significance of World Diabetes Day) । ইয়াৰ উপৰিও বছৰটোৰ ভিতৰত ডায়েবেটিছ সম্পৰ্কীয় বিষয়সমূহৰ বাবে এক বিশ্বব্যাপী মঞ্চ প্ৰদান কৰে । বিশ্ব ডায়েবেটিছ দিৱসত সামাজিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

world-diabetes-day-2022-know-history-and-theme-of-this-year
ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা

ডায়েবেটিছৰ কাৰণ আৰু প্ৰকাৰ(Cause and type of Diabetes):

যেতিয়া অগ্নাশয়ৰ পৰা ইনচুলিন নিঃসৰণ নহয় বা শৰীৰৰ কোষবোৰে নিৰ্গত হোৱা ইনচুলিনৰ প্ৰতি সঁহাৰি নিদিলে ডায়েবেটিছ হয়(why cause Diabetes) । ডায়েবেটিছ মূলতঃ দুই প্ৰকাৰৰ(type of Diabetes) ।

  • টাইপ ১ ডায়েবেটিছ (Type 1 Diabetes): অপৰ্যাপ্ত পৰিমাণৰ ইনচুলিন নিঃসৰণৰ বাবে এই ৰোগ হয় । এই ৰোগক পূৰ্বতে ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিছ মেলিটাছ বা জুভেনাইল ডায়েবেটিছ (insulin-dependent diabetes mellitus, IDDM or juvenile diabetes) বুলি কোৱা হৈছিল ।
  • টাইপ ২ ডায়েবেটিছ (Type 2 Diabetes):- এই ৰোগত কোষবোৰ ইনচুলিনৰ প্ৰতি সঁহাৰি নিদিয়া হৈ পৰে । ৰোগ বাঢ়ি যোৱাৰ লগে লগে ইনচুলিনৰ অভাৱো দেখা দিয়ে । পূৰ্বে ইয়াক নন-ইনচুলিন ডিপেণ্ডেণ্ট ডায়েবেটিছ (NIDDM) বা এডাল্ট অনচেট ডায়েবেটিছ বুলি কোৱা হৈছিল । অতিৰিক্ত ওজন আৰু ব্যায়ামৰ অভাৱ এই ৰোগৰ মূল কাৰণ বুলি ধৰা হয় ।

ডায়েবেটিছ ৰোগৰ লক্ষণসমূহ

  1. অত্যধিক পিয়াঁহ লগা
  2. সঘনাই প্ৰস্ৰাৱ কৰা
  3. অধিক ভোক লগা

ইয়াৰ উপৰি কিছু কিছু ক্ষেত্ৰত লক্ষণসমূহ এনেধৰণৰ হ'ব পাৰে-

  1. শৰীৰৰ অত্যধিক ওজন কমা বা বঢ়া
  2. ঘনাই প্ৰস্ৰাৱৰ সংক্রমণ হোৱা
  3. ছালৰ সোঁচৰা ৰোগ বৃদ্ধি হ'বলৈ লোৱা
  4. ঘা আদি হ’লে সোনকালে নুশুকোৱা

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি:

স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ, ব্যায়াম, ধূমপান ত্যাগ আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি । এই ৰোগত ৰক্তচাপ নিয়ন্ত্ৰণ নিতান্তই প্ৰয়োজনীয় । টাইপ ১ ডায়েবেটিছৰ চিকিৎসা ইনচুলিন বেজীৰে কৰা হয় ।

world-diabetes-day-2022-know-history-and-theme-of-this-year
ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা

আনহাতে, টাইপ ২ ডায়েবেটিছ ইনচুলিনৰ সহায় নোলোৱাকৈ ঔষধৰ দ্বাৰা চিকিৎসা কৰা হয় । কিছুমান ঔষধ মৌখিকভাৱে সেৱন কৰি তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰা হয় । মেদবহুলতাৰ ক্ষেত্ৰত ওজন কমাবলৈ অস্ত্ৰোপচাৰ কৰি টাইপ-২ ডায়েবেটিছৰ চিকিৎসা কৰা হয় ।

লগতে পঢ়ক: World Kindness Day 2022: সহানুভূতি হৈছে ঐক্যৰ প্ৰথম পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.