Diet of diabetic patients: ডায়েবেটিছ ৰোগীয়ে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে ?
বৰ্তমান সময়ত ডায়েবেটিচ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ দেশত বৰ্তমান প্ৰতি ১১ জনৰ লোকৰ ভিতৰত বৰ্তমান ১ জন লোক আক্রান্ত হৈছে ডায়েবেটি বা মধুমেহ ৰোগত ৷ ডায়েবেটিছ ৰোগীয়ে কি কি খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি কি খাদ্য গ্ৰহণ কৰিব নালাগে এই সন্দৰ্ভত জনালে ডায়েটিচিয়ান শিল্পীতা শৰ্মাই ৷

Published : September 21, 2023 at 4:45 PM IST
ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান সমগ্র বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে ৷ বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ ৷ বৰ্তমান সময়ত মধুমেহ ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হৈ গৈ আছে ৷
ডায়েবেটিছৰ সমস্যাটো আজিকালি অন্যতম সাধাৰণ সমস্যা যদিও ডায়েবেটিছৰ এই সাধাৰণ সমস্যাটো ইয়াৰ প্ৰতি অসাৱধানতা গ্ৰহণ কৰিলে মাৰাত্মক হৈ পৰে । ডায়েবেটিছে কেৱল ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাই নহয় বহু সমস্যাৰ সৃষ্টি কৰে । আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ লগে লগে মানুহৰ খাদ্যাভ্যাসত বহু পৰিৱৰ্তন ঘটিছে, যাৰ বাবে ৰোগে শৰীৰত অহৰহ আক্ৰমণ চলাই আছে । ডায়েবেটিছো সেই ৰোগবোৰৰ ভিতৰত অন্যতম ।
বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিছ ৰোগীক প্ৰতিদিনে নিৰ্ধাৰিত কেলৰি সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয়। ডায়েবেটিছত খাদ্যাভ্যাস সুষম হ’ব লাগে, যাতে ঔষধবোৰে নিজৰ কাম সঠিকভাৱে কৰিব পাৰে, ডায়েবেটিছত কি খাব লাগে সেই বিষয়ে জানি লওক-
ডায়েবেটিছ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে ?
১) ডায়েবেটিছ ৰোগী চেনী, গুৰ আদি কমাই খাব লাগে ৷
২) কাৰ্ব'হাইড্ৰেট যুক্ত খাদ্য যেনে চাউল, ময়দা, বেচন আদি কমাই খাব লাগে ৷
৩) বেছি তেলজাতীয় খাদ্য খাব নালাগে ৷
৪) ডায়েবেটিছ ৰোগীৰ উপৰিও সকলো ব্যক্তিয়ে ৰেডমীট কমাই খাব পাৰিলে ভাল ৷
লগতে পঢ়ক: Thyroid: থাইৰয়ডত আক্ৰান্ত মহিলাই আইভিএফ কৰিব পাৰেনে ? বিশেষজ্ঞৰ পৰা জানি লওক
ডায়েবেটিছ ৰোগীয়ে কি কি খাদ্য খাব পাৰে ?
১) ব্ৰাউন ৰাইচ, উখোৱা চাউল আদি খাব পাৰে ৷
২) মাছ-মাংস, কণী আদি খোৱাত বাধা নাথাকে ৷
৩) সতেজ ফল-মূল, শাক-পাচলি আদি খাব লাগে ৷ কিন্তু ফলমূল আদি খাওঁতেও সাৱধানতা অৱলম্বন কৰিব লাগে ৷ আম, কল, কঁঠাল, মাটি-কঁঠাল আদি খোৱাত বাধা দিয়া হয় ৷
৪) ডায়েবেটিছ ৰোগীয়ে দৈনন্দিন খাব পৰা ফল-মূলৰ ভিতৰত আপেল, মৌচুমী, নাচপতি, মধুৰীআম আদি খাব পাৰে ৷
৫) ইয়াৰোপৰি ঘৰতে প্ৰস্তুত কৰা দৈ খাব পাৰে ৷

