দৈনিক সাধাৰণ কেইটামান সদ অভ্যাসৰ জৰিয়তে সুস্থ হৈ থাকক আজীৱন

author img

By

Published : Sep 20, 2022, 1:47 PM IST

Some ayurvedic habits or daily routine tips for a healthier life

ফিট আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰাৰ অৰ্থ কেৱল আপোনাৰ জীৱনত অধিক পৰিৱৰ্তন কৰা আৰু নতুন অভ্যাসৰ সৃষ্টি কৰাই নহয়, ইয়াৰ অৰ্থ হ’ল নিয়মীয়া ৰুটিনৰ প্ৰতিও মনোযোগ দিয়া । আয়ুৰ্বেদৰ মতে দৈনন্দিন ভাল অভ্যাস পালন কৰি সুস্থ জীৱন যাপন কৰিব পাৰি ।

ফিট আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰাৰ অৰ্থ কেৱল আপোনাৰ জীৱনত অধিক পৰিৱৰ্তন কৰা আৰু নতুন অভ্যাসৰ সৃষ্টি কৰাই নহয়, ইয়াৰ অৰ্থ হ’ল নিয়মীয়া ৰুটিনৰ প্ৰতিও মনোযোগ দিয়া । আয়ুৰ্বেদৰ মতে দৈনন্দিন ভাল অভ্যাস পালন কৰি সুস্থ জীৱন যাপন কৰিব পাৰি ।

আয়ুৰ্বেদিক বিশেষজ্ঞসকলে কয় যে, আয়ুৰ্বেদ হৈছে এক জীৱন-ধাৰণৰ পদ্ধতি, ই আমাৰ অভ্যাস উন্নত কৰাৰ বাবে এক দৈনন্দিন প্ৰচেষ্টা । এই প্ৰাচীন জ্ঞানৰ নিৰ্দেশনাত আমি আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ উন্নতি কৰিব পাৰো যাতে আমি কেৱল সুস্থ হৈ থকাই নহয়, দীৰ্ঘায়ু হ'ব পাৰো (Some ayurvedic habits or daily routine tips for a healthier life) ।

আয়ুৰ্বেদে আমাৰ শৰীৰ, মন আৰু আত্মাৰ মাজত ভাৰসাম্য বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে কাৰণ এই তিনিটা ক্ষেত্ৰৰ মাজত সংযোগ আছে । আয়ুৰ্বেদৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ অভ্যাস তলত উল্লেখ কৰা হ'ল যিবোৰ সকলোৱে গ্ৰহণ কৰি সুস্থ জীৱন-যাপন কৰিব পাৰে-

  • সময়মতে উঠা

আয়ুৰ্বেদৰ মতে পুৱা সূৰ্য উদয়ৰ কমেও এঘণ্টা পূৰ্বে উঠিব লাগে । ই এটা ভাল অভ্যাস আৰু সুস্থ জীৱন যাপন কৰাত সহায় কৰে । আমাৰ বয়োজ্যেষ্ঠসকলে সদায় ব্ৰহ্ম মূহুৰ্তত সাৰ পাবলৈ পৰামৰ্শ দিছিল । ব্ৰহ্ম মূহুৰ্ত এটা শুভ সময়, যিটো সূৰ্য উদয়ৰ ১ ঘণ্টা ৩৬ মিনিট আগতে আৰম্ভ হয় আৰু ইয়াৰ ৪৮ মিনিট আগতে শেষ হয় ।

  • নাকৰ যত্ন লোৱা

নাকত নিতৌ দুটোপাল তিল তেল, সৰিয়হ তেল বা ঘিউ দিব । ই চুলি অকালতে বগা হোৱা আৰু সৰাত বাধা দিয়ে ৷ লগতে ভাল টোপনি অহাত সহায় কৰে ।

  • ব্যায়াম

পুৱা সোনকালে ব্যায়াম কৰিলে শৰীৰৰ এলেহুৱা ভাৱ দূৰ হয় । ইয়াৰ ফলত শৰীৰ পুনৰ ভৰ্তি হয় আৰু সজীৱতাত সহায় কৰিব পাৰে। ইয়াৰ বাহিৰেও ব্যায়ামে শৰীৰ আৰু মন উভয়কে সুস্থ কৰি ৰাখে ।

  • দাঁতৰ যত্ন

নিম (Azadirachta indica), খাদিৰ (Gum arabic) আদিৰ সতেজ দাঁতুন ব্যৱহাৰ কৰিলে দাঁত পৰিষ্কাৰ হয় আৰু মুখৰ দুৰ্গন্ধ দূৰ হয় ।

  • গা ধোৱা

আয়ুৰ্বেদৰ মতে নিয়মীয়া ব্যায়ামৰ আধাৰ পৰা এঘণ্টা পিছত স্নান কৰিব লাগে ।

  • মছলা

মছলাই হজম কৰাত সহায় কৰে, হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়ে । দৈনিক জিৰা, ধনীয়া, আদা আৰু হালধি সেৱন কৰিব লাগে ।

  • লঘু ৰাতিৰ আহাৰ গ্ৰহণ কৰক

আয়ুৰ্বেদ অনুসৰি ৰাতি ৮ বজাৰ আগতে লঘু খাদ্য গ্ৰহণ কৰিব লাগে । ই বিপাকীয় উপাদানসমূহক ৰাতি কিছু জিৰণি লোৱাত সহায় কৰে ।

  • টোপনি

পৰিবেশটো পৰিষ্কাৰ আৰু সুখদায়ক কৰি ৰাখক । দিনত টোপনিৰ পৰা বিৰত থাকক । ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি লওক । সঠিক টোপনিয়ে স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে ।

লগতে পঢ়ক: তুলসীৰ উপকাৰিতাসমূহৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.