World Toilet Day 2022: ছেনিটাইজেচনক মুখ্য কৰি বিশ্বজুৰি পালন বিশ্ব শৌচালয় দিৱস

author img

By

Published : Nov 19, 2022, 5:30 AM IST

"Making the Invisible Visible": World Toilet Day 2022

প্ৰতি বছৰে ১৯ নৱেম্বৰ দিনটোত অপৰ্যাপ্ত অনাময় ব্যৱস্থাৰ প্ৰতি সজাগতা সৃষ্টি কৰা উদ্দেশ্যে পালন কৰা হয় বিশ্ব শৌচালয় দিৱস(World Toilet Day 2022) ৷

বিশ্ব শৌচালয় দিৱস বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকত আজিও বহুস্ংখ্যক লোকৰ বাবে উপযুক্ত শৌচালয় নাই(World Toilet Day 2022) । বিশ্ব স্বাস্থ্য সংস্থাই যুগুতোৱা এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত মুঠ দুশ কোটি ৪০ নিযুত মানুহৰ বাবে উন্নত অনাময় ব্যৱস্থা নাই অৰ্থাৎ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰতি তিনিজনৰ ভিতৰত এজন লোক এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে । ইয়াৰ ভিতৰতে প্ৰায় এশ কোটি মানুহে (পুৰুষ-মহিলা উভয়ে)আজিও মুকলিতে নিত্যকৰ্ম কৰিবলগা হয়(Making the Invisible Visible) ।

পানীৰ ওপৰত থকা মানুহৰ অধিকাৰৰ দৰে অনাময় সুবিধাও মানুহৰ জন্মগত অধিকাৰ।অনাময় ব্যৱস্থাৰ অভাৱে মানুহৰ স্বাস্থ্য,সন্মান আৰু নিৰাপত্তাৰ বিঘ্নিত কৰে। একমাত্ৰ অনাময় ব্যৱস্থাৰ অভাৱৰ বাবে ভালেকেইবিধ সংক্ৰামক ৰোগ হয় আৰু ৰোগ সৃষ্টিকাৰী পৰজীৱীৰ সংক্ৰমণ ঘটে ।

মুকলিত শৌচ কৰাৰ ফলত মানুহৰ শৰীৰত পৰজীৱী কৃমিৰ সংক্ৰমণ,ডায়েৰিয়া আৰু তেজত মিহলি হৈ থকা চেপেটা পৰজীৱী কৃমিৰ সংক্ৰমণ ঘটে । তাৰোপৰি শিশুসকলৰ মাজত ক্ৰণিক পুষ্টিহীনতাই দেখা দিয়ে । মানুহৰ মলৰ সংস্পৰ্শলৈ অহাৰ পৰিণতিত পৰিৱেশজনিত ক্ষুদ্ৰান্তৰ ৰোগত ভোগাৰ ফলতে শিশুসকলৰ মাজত এনেধৰণৰ পুষ্টিহীনতা দেখা যায় । বিভিন্ন কাৰণত হোৱা ডায়েৰিয়া ৰোগৰ ৫৮ শতাংশই অনুপযুক্ত অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ ফলত দুষিত হোৱা পানীৰ পৰা হয় ।

অৱশ্যে ভালদৰে চাবোনেৰে হাত নোধোৱাৰ অভ্যাসো এই ৰোগ হোৱাৰ অন্যতম কাৰণ(sanitation systems) । ২০১৩ চনৰ বছৰটোত দুষিত পানী,অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ পৰিণতিত হোৱা ডায়েৰিয়া ৰোগত পাঁচ বছৰৰ তলৰ ৩ লাখ ৪০ হেজাৰ শিশুৰ মৃত্যু হৈছিল ।

ছেনিটাইজেচনক মুখ্য কৰি বিশ্বজুৰি পালন বিশ্ব শৌচালয় দিৱস

উপযুক্ত অনাময় ব্যৱস্থা নিৰ্মাণ কৰি দিয়াৰ পিছত অৰ্থাৎ মানুহৰ মল,মানুহৰ সংস্পৰ্শ আৰু মুক্ত পৰিৱেশৰ পৰা আঁতৰত ৰখাৰ ফলত শিশুসকলৰ মাজত ডায়েৰিয়াৰ সংক্ৰমণ ৭ৰ পৰা ১৭ শতাংশলৈ কমি আহিল । পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি যিমানবোৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি,শৌচালয় যোগান ধৰি তাৰ দুগুন সংখ্যক ৰোগৰ পৰা মানুহক বচাব পৰা যায় ।

শৌচালয় এটাৰ প্ৰয়োজনীয়তা দেখাত বৰ বেছি গুৰুত্বপুৰ্ণ যেন নেলাগিব পাৰে,কিন্তু প্ৰকৃতাৰ্থত মানুহক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাত শৌচালয় এটিৰ গুৰুত্ব অপৰিসীম । মুকলিত নিত্যকৰ্ম কৰা লোকৰ সন্মান আৰু নিৰাপত্তা বিঘ্নিত হয়।

বিশেষভাৱে উন্নয়নশীল দেশবিলাকৰ মহিলা আৰু যুৱতীসকলৰ ক্ষেত্ৰত এই কথা বিশেষভাৱে প্ৰযোজ্য।এওঁলোকে গোপনীয়তা হেৰুৱায় আৰু অপমানৰো সন্মুখীন হ’বলগা হয় । মহিলাসকলে মুকলিত নিত্যকৰ্ম কৰিবলগা হোৱাতকৈ গোটেই দিনটো পায়খানাৰ প্ৰৱণতা থাকিলেও নিৰৱে সহ্য কৰি সন্ধিয়াৰ পিছত আন্ধাৰ নমালৈ ৰৈ থাকিবলগা হয়।

উন্নয়নশীল অৰ্থাৎ অনগ্ৰসৰ কিছুমান দেশত মহিলাসকলে শৌচালয়লৈ গ’লে অসৎ লোকৰ উৎপীড়ন আৰু ধৰ্ষণ আদিৰ সন্মুখীন হোৱাৰ ভয়ত ঘৰ এৰি বাহিৰলৈ যাব নোখোজে । দক্ষিণ আফ্ৰিকাত গৱেষকসকলে লক্ষ্য কৰিলে যে তাঁত ৰাজহুৱা শৌচালয়ৰ সংখ্যা বৃদ্ধি কৰি জনবসতিৰ নিকটৱৰ্তী স্থানত সেইবিলাক নিৰ্মাণ কৰি দিয়াৰ পিছত তাৰ মহিলাসকলৰ ওপৰত যৌন উৎপীড়ন আৰু হিংসাত্মক আক্ৰমণৰ ঘটনা কমি আহিল ।

২০০০ চনৰ বছৰটোৰ পৰাই বিশ্বৰ সমাজসচেতন ব্যক্তি আৰু সংস্থা-সংগঠনবিলাকে নিৰাপদ শৌচালয়ৰ অভাৱৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু মুক্ত পৰিৱেশত শৌচ কৰা ব্যৱস্থাৰ অন্ত পেলাবলৈ ভালেমান ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

একমাত্ৰ অনাময় ব্যৱস্থাৰ সুবিধাৰ অভাৱতে মহিলাসকলে যাতে কোনোধৰণৰ স্বকীয় গোপনীয়তা,সন্মান আৰু নিৰাপত্তা হেৰুৱাবলগীয়া নহয়, সেই বিষয়ে আন্তৰিকতাৰে অনুভৱ কৰাটো সকলোৰে এক নৈতিক দায়িত্ব বুলি গ্ৰহণ কৰা উচিত । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বেন-কি-মুনে ‘বিশ্ব শৌচালয় দিৱস’ৰ (World Toilet Day)প্ৰাকমুহুৰ্তত প্ৰেৰণ কৰা এটা বাণীত কৈছিল-‘বিশ্বৰ আঢ়ৈশ কোটি লোকৰ বাবে উপযুক্ত অনাময় ব্যৱস্থা নাই,শৌচাগাৰ নাই ।

ইয়াৰ নাটকীয় পৰিণতিৰ ফলত মানুহৰ স্বাস্থ্য,সন্মান আৰু নিৰাপত্তা হানি হৈছে।লগতে এই অভাৱে পৰিৱেশ,সামাজিক আৰু অৰ্থনৈতিক উন্নয়নতো বিৰুপ প্ৰভাৱ পেলাইছে। এটা নিৰুপদ শৌচালয়ৰ অভাৱৰ ফলত বিকলাংগ,বয়ষ্ক মহিলাসকলে অবৰ্ণনীয় যন্ত্ৰণা ভুগিবলগা হয় ।

বিশেষভাৱে কম বয়সীয়া মহিলা আৰু যুৱতীসকলে মাহেকীয়াৰ সময়ত পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি ৰক্ষাৰ বাবে শৌচালয়ৰ সুবিধা পোৱাটো অতি জৰুৰী । ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ‘নতুন শতিকাৰ উন্নয়নৰ লক্ষ্য’(Millennium Development Goals)নামৰ আঁচনিৰ যোগেদি ‘মুকলিত নিত্যকৰ্ম’বন্ধ কৰাৰ এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল ।

মুলত: অনাময় ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰাৰ উদ্দেশ্যে বিশ্বৰ কোটি কোটি লোকৰ মাজলৈ এই প্ৰচাৰ অভিযানটো বিয়পাই দিয়াৰ উদ্দেশ্যেই ‘বিশ্ব শৌচালয় দিৱস’(World Toilet Day)পালন কৰা হয় । ২০০১ চনৰ ১৯ নৱেম্বৰ তাৰিখে ‘ৱলৰ্ড টয়লেট অৰ্গেনাইজেচন (World Toilet Organization)নামৰ এটি সংগঠনৰ জন্ম হৈছিল ।

এই সংগঠনটোৰ উদ্দেশ্যে আছিল সমগ্ৰ বিশ্ববাসীৰ মাজত অনাময় ব্যৱস্থাটোৰ প্ৰয়োনীয়তা সম্পৰ্কে দৃষ্টি আকৰ্ষণ কৰা । এই সংগঠনটোৱে প্ৰতিবছৰে ১৯ নৱেম্বৰৰ দিনটো,বিভিন্ন দেশৰ সহযোগী সংগঠনৰ সহযোগত ‘বিশ্ব শৌচালয় দিৱস’ৰুপে পালন কৰি আহিছে ।

ৰাষ্ট্ৰসংঘই ২০১৩ চনত গ্ৰহণ কৰা এক প্ৰস্তাৱযোগে ‘বিশ্ব শৌচালয় দিৱস’ক স্বীকৃতি দিয়ে আৰু এই দিনটো ৰাষ্ট্ৰসংঘৰ এক অনুমোদিত আন্তঃৰাষ্ট্ৰীয় দিৱসৰুপে ঘোষণা কৰে । ৰাষ্ট্ৰসংঘই ২০১৫ চনত ৭০০ নিযুত লোকৰ বাবে অনাময় ব্যৱস্থা যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছিল যদিও এই লক্ষ্য পুৰণ হোৱাৰ আশা ক্ষীণ ।

তথাপি, ‘বিশ্ব শৌচালয় দিৱসে’প্ৰতিবছৰে অনাময় ব্যৱস্থাৰ গুৰুত্ব সম্পৰ্কে আৰু বিশ্বৰ সকলো প্ৰান্ততে সকলোৰে বাবে সমভাৱে উন্নতধৰণৰ অনাময় ব্যৱস্থা যোগান ধৰাৰ বাবে সংশ্লিষ্ট চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ একোটা সুযোগ দিয়ে ।

প্ৰত্যেকবছৰে পালিত হ’বলগা এই বিশেষ দিৱসটোৰ বাবে ৰাষ্ট্ৰসংঘ-‘জল যোগান’বিভাগে একো একোটা শ্ল’গানৰ (Theme)প্ৰস্তাৱ দিয়ে । ২০১৫ চনৰ বাবে এই দিৱসৰ শ্ল’গানটো হ’ল-‘টয়লেট এণ্ড নিউট্ৰিচন’(Toilet and Nutrition)২০১৪ চনৰ শ্ল’গানটো আছিল-‘ইকুয়েলিটি এণ্ড ডিগনিটি;(Equility and Dignity) ৷ 2022 চনৰ থীম হৈছে (Making the Invisible Visible)৷

লগতে পঢ়ক: Child vaccination: ভেকচিন গ্ৰহণৰ পিছত শিশুটি কিয় জ্বৰত ভোগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.