লতা মংগেশকাৰে নিতৌ খাইছিল কেঁচা জলকীয়া: কেঁচা জলকীয়া খালে সঁচাকৈ কণ্ঠস্বৰ সুৰীয়া হয় নেকি!

author img

By

Published : Sep 28, 2022, 3:36 PM IST

Lata Mangeshkar used to eat green chilies every day for a clearer and sweet voice

বছৰৰ আৰম্ভণিতে লতা মংগেশকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশবাসী(Lata Mangeshkar) । দশক দশক ধৰি সুৰীয়া কণ্ঠৰে তেওঁ দেশৰ হৃদয় জয় কৰিছিল । এনে কণ্ঠ পাবলৈ বহুতে বিভিন্ন পদ্ধতি আৰু কৌশল অৱলম্বন কৰে । ইয়াৰে এটা সেউজীয়া জলকীয়াৰ সৈতে জড়িত । কেঁচা জলকীয়া খালে কণ্ঠস্বৰ সুৰীয়া হৈ উঠিব পাৰে বুলি এক বিশ্বাস কৰা হয় । জানক কেঁচা জলকীয়াৰ উপকাৰিতাসমূহ...

বছৰৰ আৰম্ভণিতে লতা মংগেশকাৰৰ(Lata Mangeshkar) মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশবাসী(Lata Mangeshkar death) । দশক দশক ধৰি সুৰীয়া কণ্ঠৰে তেওঁ দেশৰ হৃদয় জয় কৰিছিল । লতা মংগেশকাৰৰ কণ্ঠ ইমানেই মধুৰ আছিল যে তেওঁ সকলোৰে হৃদয়ত এক বিশেষ স্থান লৈছিল ।

এনে কণ্ঠ পাবলৈ বহুতে বিভিন্ন পদ্ধতি আৰু কৌশল অৱলম্বন কৰে । ইয়াৰে এটা সেউজীয়া জলকীয়াৰ সৈতে জড়িত । কেঁচা জলকীয়া খালে কণ্ঠস্বৰ সুৰীয়া হৈ উঠিব পাৰে বুলি এক বিশ্বাস কৰা হয় ।

তেওঁৰ সম্পৰ্কীয় লোকে কয় যে, আৰম্ভণিতে লতাজীক বহুতো উপদেশ দিয়া হৈছিল, টেঙা খাব নালাগে, জ্বলা খাব নালাগে, কিন্তু তেওঁ প্ৰত্যেকবিধ খাদ্য উপভোগ কৰিছিল(Lata Mangeshkar Voice Secret) । ইয়াৰ পিছতো তেওঁৰ কণ্ঠস্বৰ কেতিয়াও কৰ্কশ বা বেয়া হোৱা নাছিল(Green Chilli Benefits) । দৰাচলতে খবৰ অনুসৰি লতাজীয়ে দিনটোত বহুত সেউজীয়া জলকীয়া খাইছিল । ইয়াৰ আঁৰৰ কাৰণ আছিল সেউজীয়া জলকীয়াই ডিঙিটো পৰিষ্কাৰ কৰি ৰাখে, যাৰ ফলত মাতটো খোলা হৈ থাকে (Lata Mangeshkar Green Chillies) ।

কেঁচা জলকীয়াৰ বহুতো উপকাৰীতা আছে, কিয়নো ই এনে হৰম’ন নিৰ্গত কৰে, যাৰ ফলত আমাৰ মেজাজ ভাল হয়(Green Chillies for Voice) । কিন্তু জলকীয়াই সঁচাকৈয়ে মাতটো মধুৰ কৰি তোলে নেকি? Green Chillies সম্পৰ্কে সবিশেষ জানো আহক...

১) কেঁচা জলকীয়া ই নাক বন্ধ হ'লে ইয়াৰ পৰা সকাহ দিয়ে আৰু ডিঙিত শ্লেষ্মা জমা হ’বলৈ নিদিয়ে । এই কাৰণেই জলকীয়া খালে মাতটো স্পষ্ট আৰু মুকলি হয় বুলি কোৱা হয় ।

২) কেঁচা জলকীয়াত কেলৰি একেবাৰেই নাথাকে । আনকি ইয়াক খালেও বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ।

৩) এন্টিঅক্সিডেন্টেৰে ভৰপূৰ কেঁচা জলকীয়া শৰীৰৰ বাবে যথেষ্ট উপকাৰী, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

৪) কেঁচা জলকীয়া খালে হৃদযন্ত্ৰৰ তন্ত্ৰই উপকাৰ সাধন কৰে । বিশেষকৈ ই হাই কলেষ্টেৰলৰ সম্ভাৱনাও হ্ৰাস কৰে ।

৫) কেঁচা জলকীয়াত কেপচাইচিন থাকে, যিটো সোৱাদত জ্বলা, কিন্তু শৰীৰৰ উষ্ণতা ঠাণ্ডা কৰে । এই কাৰণেই ভাৰতৰ গৰম ৰাজ্যবোৰত বহুত জলকীয়া খোৱা হয় ।

৬) জলকীয়াৰ পৰা উৎপন্ন হোৱা উষ্ণতাই বিষ নিৰাময়কাৰী হিচাপেও কাম কৰে, লগতে হজম শক্তি বৃদ্ধি কৰে আৰু আলচাৰ ৰোধ কৰে ।

৭) কেঁচা জলকীয়াত ভিটামিন-C আৰু বিটা-কেৰটিন আদিও প্ৰচুৰ পৰিমাণে থাকে, যিয়ে চকু, ছাল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাক সুস্থ কৰি ৰখাৰ কাম কৰে ।

লগতে পঢ়ক: উপবাসৰ সময়ত জলপান আৰু অন্যান্য খাদ্য গ্ৰহণৰ সময়ত সাৱধান হওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.