ETV Bharat / sukhibhava

শীতকালত আমি কিমান গৰম পানী গ্ৰহণ কৰিব লাগে ?

Benefits of Drinking Hot Water: বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে নিজৰ শৰীৰৰ তাপমান অনুসৰি পুৱা কুহুমীয়া পানী খাব লাগে, কাৰণ অত্যধিক ঠাণ্ডা পানী শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । একেদৰে অত্যধিক গৰম পানীও শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে । তেন্তে ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতি জানি লওক-

Know how much hot water should you drink on an empty stomach in winter?
শীতকালত আমি কিমান গৰম পানী গ্ৰহণ কৰিব লাগে ?

Published : January 9, 2024 at 2:32 PM IST

Choose ETV Bharat

আমাৰ মাজক বেছিভাগে লোকেই গ্ৰীষ্মই হওক বা শীতকালেই হওক, পুৱা সাৰ পোৱাৰ পিছত এগিলাচ গৰম পানী গ্ৰহণ কৰে । অৱশ্যে স্বাস্থ্য বিশেষজ্ঞৰ মতে, ঋতু অনুসৰি খাদ্যাভ্যাসো সলনি কৰিব লাগে । স্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসকে প্ৰায়ে কয় যে খালী পেটত পানী খাব লাগে, ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হয় ।

শীতকালত কিমান গৰম পানী খাব লাগে ?

কিন্তু বহুতে প্ৰতিটো ঋতুতে খালী পেটত কুহুমীয়া বা গৰম পানী গ্ৰহণ কৰে । ঠাণ্ডা বতৰত আমি গৰম বস্তু খোৱাটো উচিত যাতে আপুনি সুস্থ আৰু শৰীৰটো গোটেই দিনটো হাইড্ৰেট কৰি ৰাখিব পাৰে ।

শীতকালত ঠাণ্ডা পানী খোৱাৰ ফলত হজম প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ পৰে । সেয়ে শীতকালত গৰম পানী খোৱাটো উচিত ৷ কিন্তু এতিয়া প্ৰশ্ন হয় যে শীতকালত পুৱা আমি কিমান পৰিমাণে গৰম পানী খাব লাগে ? এই কথা আপোনালোকে জনাটো অতি প্ৰয়োজনীয়-

সঠিক উষ্ণতা পৰীক্ষা কৰাৰ পিছতহে পানী খাব লাগে

বিশেষজ্ঞসকলৰ মতে, এজন ব্যক্তিয়ে নিজৰ শৰীৰৰ তাপমান অনুসৰি পুৱা কুহুমীয়া পানী খাব লাগে, কাৰণ অত্যধিক ঠাণ্ডা পানী শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । একেদৰে অত্যধিক গৰম পানীও শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে । গতিকে শীতকালতো কুহুমীয়া পানী খাব লাগে, যাৰ উষ্ণতা ৬০ ডিগ্ৰী ফাৰেনহাইটৰ পৰা ১০০ ডিগ্ৰী ফাৰেনহাইট (১৬ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াছ)ৰ ভিতৰত হ’ব লাগে ।

ঠাণ্ডাত ডিঙি আৰু বুকুৰ জ্বলা-পোৰাৰ সমস্যা-

ঠাণ্ডাত পিত্ত দোষ খুবেই বৃদ্ধি পায় । ইয়াৰ কাৰণে হৃদযন্ত্ৰ, বদহজম, কোষ্ঠকাঠিন্য আৰু এচিডিটি অনুভৱ হয় । টোপনিৰ অভাৱৰ বাবে আৰু ছালত ফোহা ওলাবলৈ আৰম্ভ কৰে । যদি আপুনিও এনে সমস্যাৰ সৈতে যুঁজি আছে তেন্তে আপুনিও কুহুমীয়া পানী খাব পাৰে । ইয়াৰ দ্বাৰা আপুনি যথেষ্ট সকাহ লাভ কৰিব ।

কিন্তু আয়ুৰ্বেদৰ মতে, পুৱা সাৰ পোৱাৰ পিছত খালী পেটত কুহুমীয়া পানী খালীকৈ খোৱাৰ পৰিৱৰ্তে যদি নেমু, ঘিউ বা মৌৰ লগত খোৱা হয় তেন্তে ইয়াৰ উপকাৰিতা আৰু দুগুণ বৃদ্ধি কৰাৰ লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় । ইয়াৰ ফলত আপোনাৰ পেটৰ সৈতে জড়িত সকলো সমস্যা দূৰ হয় ।

লগতে পঢ়ক: চিয়া বীজ মিহলোৱা পানীত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি জ্ঞাতনে ?