ETV Bharat / sukhibhava

Health Tips: ডায়েবেটিছ ৰোগীয়ে মিঠা আলু খাব লাগেনে ? সঠিক উত্তৰ জানি লওক

ডায়েবেটিছ ৰোগীৰ বাবে মিঠা বস্তু ‘বিহ’ৰ দৰে ৷ গতিকে ডায়েবেটিছত মিঠা আলু খাব পাৰি নে নাই বিশেষজ্ঞৰ পৰা জানি লওক...

Know dietitian's opinion whether one should eat sweet potatoes or not if one has diabetes
ডায়েবেটিছ ৰোগীয়ে মিঠা আলু খাব লাগে নে ? সঠিক উত্তৰ জানি লওক
author img

By ETV Bharat Assamese Team

Published : October 10, 2023 at 4:53 PM IST

Choose ETV Bharat

বজাৰত এনেকুৱা বহু পুষ্টিকৰ খাদ্য পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে কি খাব বা কি নাখাব তাক লৈ বহুবাৰ বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ কাৰণ সামান্য ভুল হ’লে শৰীৰৰ ৰক্তত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক ৷ শীতকালত মিঠা আলু খাবলৈ অতি সোৱাদযুক্ত, সকলোৱে বেলেগ বেলেগ ধৰণে খায় ৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক সেৱন কৰাটো উচিত হয় নে নহয় ? জানি লও আহক...

মিঠা আলুত পোৱা পুষ্টিকৰ উপাদান

ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, স্বাস্থ্যকৰ চৰ্বি, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কেৰটিনয়ড আৰু থাইয়ামিন আদি গুৰুত্বপূৰ্ণ পুষ্টি মিঠা আলুত পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে সকলো দিশতে উপকাৰী ৷ কিন্তু যিহেতু ইয়াৰ সোৱাদ মিঠা, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাবলৈ ভয় কৰে ৷

ডায়েবেটিছ ৰোগীৰ বাবে মিঠা আলুৱে কেনেদৰে কাম কৰে ?

খাদ্য বিশেষজ্ঞৰ মতে, যিকোনো খাদ্য ৰন্ধা পদ্ধতিয়েই ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হ’ব নে বেছি হ’ব সেইটো নিৰ্ণয় কৰে ৷ উচ্চ জি আই থকা যিকোনো বস্তু মধুমেহ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে ৷ মিঠা আলুত ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে বহুতে ইয়াক খাবলৈ বহুতে ভয় কৰে ৷

মিঠা আলু কেনেকৈ খাব লাগে ?

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা মিঠা আলুত উচ্চ আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণ থাকে ৷ কিন্তু ইয়াক বাকলিৰ সৈতে উতলাই খালে ডায়েবেটিছত ই উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে আৰু ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

এনেকৈ নাখাব মিঠা আলু

কিছুমান মানুহে মিঠা আলু তেলত ভাজি খায়, যিটো সঠিক উপায় নহয় ৷ ই তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক ৷ কেৱল সিজোৱা মিঠা আলু খাব লাগে ৷ সপ্তাহত এবাৰ বা দুবাৰ সেৱন কৰিব পাৰে ৷

লগতে পঢ়ক: Fitness Tips: আপুনিও কঁকালৰ বিষক আওকাণ কৰে নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা