Exclusive Interview: কেনেকৈ শৰীৰৰ ওজন ১১৮ কেজিৰ পৰা ৫৮ কেজিলৈ হ্ৰাস কৰিলে ত্ৰিবেণী ওজাই, জানো আহক তেওঁৰ মুখেৰেই
ত্ৰিবেণী ওজাই শৰীৰৰ ওজন কেনেদৰে ১১৮ কেজিৰ পৰা ৫৮ কেজিলৈ হ্ৰাস কৰিবলৈ সক্ষম হ’ল, তেওঁৰ ওজন হ্ৰাস কৰাৰ ৰহস্য কি ? ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষৎকাৰত সকলো বিৱৰি ক‘লে জনপ্ৰিয় শৰীৰ চৰ্চাবিদগৰাকীয়ে ৷

Published : September 20, 2023 at 9:12 PM IST
|Updated : September 21, 2023 at 10:00 AM IST
শৰীৰৰ মেদবহুলতা এক ডাঙৰ সমস্যায়ে নহয় ইয়াৰ ফলত মানুহে মানসিক সমস্যাতো ভোগা দেখা যায় । মেদবহুলতাৰ কেৱল ওজন বৃদ্ধি হোৱাই নহয় ই বহু মাৰাত্মক ৰোগকো নিমন্ত্ৰণ জনায় ৷
কিন্তু সঠিক খাদ্য গ্ৰহণ, শৰীৰ চৰ্চা আৰু যোগ প্ৰাণায়ামে মানুহক নিৰোগী আৰু সু-স্বাস্থ্যবান হৈ থকাত সহায় কৰে । তাকেই যেন প্ৰমাণ কৰি দেখুৱালে এগৰাকী মহিলাই ৷ নিজৰ স্বাস্থ্যৰ যত্নৰ জৰিয়তেই মহিলাগৰাকীয়ে নিজকে এটি নতুন জীৱন দিবলৈ সক্ষম হৈছে । তেওঁৰ নাম হৈছে ত্ৰিবেণী ওজা ।
তেওঁ হৈছে বৰ্তমান সময়ত এগৰাকী জনপ্ৰিয় শৰীৰ চৰ্চাবিদ । তেওঁৰ শৰীৰৰ ওজন ১১৮ কেজিৰ পৰা ৫৮ কেজিলৈ কেনেকৈ হ্ৰাস কৰিলে তথা শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ কেনেদৰে সক্ষম হ’ল সেইবিষয়ে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ সকলো কথা বিৱৰি কয় ।
ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে- এটা সময়ত তেওঁৰ ডায়েবেটিছ, অ'ভাৰি চইষ্ট, হাই ব্লাড চুগাৰ আছিল । তেতিয়া তেওঁৰ শৰীৰ ওজন আছিল ১১৮ কেজি । তেওঁৰ এই যাত্ৰা ২০১৬ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল ।
তেওঁ দৈনিক ১২ কিলোমিটাৰকৈ দৌৰি ৮ মাহত ৩০ কেজি ওজন কম কৰিবলৈ সক্ষম হৈছে । পৰৱৰ্তী সময়ত তেওঁ জিম লৈ গৈ শৰীৰ চৰ্চা কৰিবলৈ ধৰিলে আৰু তেওঁৰ শৰীৰ ওজন ৫৮ কেজিলৈ হ্ৰাস কৰিলে । পিছলৈ তেওঁ ডায়েটৰ ওপৰত অধ্যয়ন কৰাৰ পিছত তেওঁ বৰ্তমান মেদবহুলতা হ্ৰাস কৰাৰ বাবে অনলাইন আৰু অফলাইন প্ৰশিক্ষণ দি আহিছে ।
তেওঁ ১৫ শতকৈ অধিক লোকক ইতিমধ্যে প্ৰশিক্ষণ দিছে । ভাল ফলাফলো লাভ কৰিছে । তদুপৰি অসমৰ ভিন্ন স্থানলৈ গৈ স্বাস্থ্য শিবিৰ আয়োজন কৰি স্বাস্থ্য সম্পৰ্কে সকলোকে সজাগ কৰিছে । আহিবলগীয়া অসমীয়া ছবি ৰাঘৱত অভিনয় কৰা দলটোক তেওঁ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক: World GO Day 2023: কিয় বিশ্বজুৰি পালন কৰা হয় স্ত্ৰীৰোগ অংক’লজী সজাগতা দিৱস

