বেছি শকত দেখাই নেকি আপোনাৰ উৰু: কৰিব পাৰে এইকেইটা কাম

author img

By

Published : Sep 21, 2022, 6:09 PM IST

How to Burn fat from thighs

বৰ্তমানৰ ব্যস্ত জীৱনকালত খাদ্য়ভাসৰ বাবে বহু লোকেই মেদবহুলতাৰ সমস্যাত ভোগে । পেটৰ চৰ্বি, বাহুৰ চৰ্বিৰ লগতে উৰুৰ চৰ্বি । কিন্তু বহুতেই প্ৰধানকৈ পেটৰ চৰ্বি কমোৱাতহে গুৰুত্ব দিয়া দেখা যায় । পাছে পেটৰ সমানে উৰুৰ চৰ্বি হ্ৰাস কৰাটোও সমানে প্ৰয়োজন । তেন্তে কি কৰিব উৰুৰ চৰ্বি হ্ৰাস কৰিবৰ বাবে । পঢ়ক সবিশেষ...

বৰ্তমানৰ ব্যস্ত জীৱনকালত খাদ্য়ভাসৰ বাবে বহু লোকেই মেদবহুলতাৰ সমস্যাত ভোগে । পেটৰ চৰ্বি, বাহুৰ চৰ্বিৰ লগতে উৰুৰ চৰ্বি । কিন্তু বহুতেই প্ৰধানকৈ পেটৰ চৰ্বি কমোৱাতহে গুৰুত্ব দিয়া দেখা যায়(weight loss from thighs) । পাছে পেটৰ সমানে উৰুৰ চৰ্বি হ্ৰাস কৰাটোও সমানে প্ৰয়োজন(How to Burn fat from thighs) । তেন্তে কি কৰিব উৰুৰ চৰ্বি হ্ৰাস কৰিবৰ বাবে ।

  • উৰুৰ চৰ্বি হ্ৰাস কৰাৰ বাবে একেবাৰে সহজ উপায় হৈছে চাইক্লিং ৷ চাইকেল চলালে উৰুৰ চৰ্বি হ্ৰাস হ'ব । নিতৌ যদি এঘণ্টাকৈয়ো আপুনি চাইকেল চলাই তেন্তে অতি সহজেই উৰুৰ চৰ্বি হ্ৰাস পাব । উৰুৰ লগতে শৰীৰৰ অন্য় চৰ্বি হ্ৰাসতো সহায়ক চাইক্লিং ।
  • চিৰি উঠা-নমা কৰাটোও উৰুৰ চৰ্বি হ্ৰাস কৰাৰ আন এক উপায় । লগতে ভৰিৰ গঠন সুন্দৰ কৰাতো সহায়ক চিৰি উঠা নমা কৰা । ই এক কাৰ্ডিঅ এক্সচাৰচাইজৰ অংশ ।
  • দৌৰ একপ্ৰকাৰৰ অতি সহজ আৰু অতি উত্তম ব্যায়াম শৰীৰৰ বাবে । ই ভৰিৰ গঠন সুন্দৰ কৰা লগতে শৰীৰত শক্তি বৃদ্ধি কৰে ।
  • উঠা-বহা কৰাটোও ভৰিৰ লগতে শৰীৰৰ বাবে এক অতি উত্তম ব্যায়াম । ই হাড় মজবুত কৰাৰ লগতে মাংশপেশীয়ো শক্তিশালী কৰে ।

লগতে পঢ়ক: দীৰ্ঘসময় ধৰি সঠিক ৰূপত মেকআপ বৰ্তাই ৰাখিবলৈ প্ৰয়োগ কৰক এইকেইটা টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.