ETV Bharat / sukhibhava

Benefits of Pears: ডায়েবেটিছ তথা হৃদৰোগৰ সমস্যা থকা লোকে নিতৌ খাওক এইবিধ ফল

ডায়েবেটিছ আৰু হাৰ্ট এটেক এনে ৰোগ যিয়ে ভাৰতৰ কোটি কোটি লোকক আক্ৰান্ত কৰে । যদি আপুনি এনে ৰোগৰ সন্মুখীন হ’ব নিবিচাৰে, তেন্তে আজিয়েই গ্ৰহণ কৰক এইবিধ ফল ।

Health and Nutrition Benefits of Pears
ডায়েবেটিছ তথা হৃদৰোগৰ সমস্যা থকা লোকে নিতৌ খাওক এইবিধ ফল

Published : August 24, 2023 at 1:55 PM IST

Choose ETV Bharat

বৰ্তমান সময়ত সুস্থ জীৱনশৈলী বজাই ৰখাটো এক কঠিন প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে যদিও প্ৰকৃতিয়ে আমাক এনে উপহাৰ দিছে যাৰ দ্বাৰা আমি আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰো ৷ সেয়ে আজি আমি ক’বলৈ লৈছো এবিধ অতি পুষ্টিকৰ ফল নাচপতিৰ বিষয়ে য’ত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান পোৱা যায় ৷ পুষ্টিবিদে কয় যে, যদি আমি নাচপতি সেৱন কৰো তেন্তে ই বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ...

১/ পুষ্টিৰ অভাৱ নহ’ব

নাচপতিত প্ৰটিন, আঁহ, ভিটামিন C, ভিটামিন K, পটাছিয়াম আৰু কাৰ্বহাইড্ৰেটকে ধৰি এনে সকলো পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ এই ফল খালে বহুতো অভাৱজনিত ৰোগৰ পৰা ৰক্ষা পৰিব ৷

২/ হজম শক্তি সুস্থ হৈ থাকিব

যদি আপোনাৰ পাচনতন্ত্ৰ সঠিক নহয়, তেন্তে স্বাস্থ্যৰ সন্দৰ্ভত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ নাচপতিত থকা দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহে হজম শক্তি উন্নত কৰে, যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ, বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি নহয় ৷

৩/ ওজন কমাবলৈ সহায়ক

নাচপতিত আঁহ আৰু পানী দুয়োটা প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে এই ফল খোৱাৰ পিছত বহু সময়লৈকে আপুনি পেট ভৰি থকা অনুভৱ কৰে আৰু অতিমাত্ৰা খোৱাৰ পৰা ৰক্ষা পৰে ৷ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ওজনৰ ওপৰত পৰে, যিটো ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে ৷

৪/ হৃদৰোগৰ পৰা প্ৰতিৰোধ

ভাৰতত হৃদৰোগৰ বাবে প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িছে, এনে পৰিস্থিতিত যদি আপুনি নাচপতি সেৱন কৰে, তেন্তে এই ৰোগৰ আশংকা কমি যাব, কাৰণ ই তেজৰ শিৰাত থকা বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু বৃদ্ধি পায় ভাল কলেষ্টেৰল ৷

৫/ ডায়েবেটিছ ৰোগত উপশম

ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ ৰঙা ৰঙৰ নাচপতি খাব লাগে কাৰণ ইয়াত এন্থ’চাইনিন থাকে যিয়ে টাইপ-২ ডায়েবেটিছৰ বেয়া প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰে আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা বজাই ৰাখে ৷

৬/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

নাচপতিত ভিটামিন চি আৰু এণ্টি অক্সিডেন্ট পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিলে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়, যাৰ বাবে পৰিৱৰ্তিত বতৰত চৰ্দি-কাহ আৰু কফ দূৰ হয় ৷

লগতে পঢ়ক: Health Tips: সঁচাকৈয়ে ব্ৰাউন ব্ৰেড স্বাস্থ্যৰ পক্ষে উপকাৰী নে ? জানি লওক