গাজৰৰ স্বাস্থ্যগত আৰু সৌন্দৰ্যবৰ্ধক শক্তিসমূহ

author img

By

Published : Dec 23, 2020, 7:43 PM IST

গাজৰৰ স্বাস্থ্যগত আৰু সৌন্দৰ্যবৰ্ধক শক্তিসমূহ

গাজৰ হৈছে শীতকালত পোৱা এক পুষ্টিকৰ পাঁচলি ৷ আমি সকলোৱে গাজৰ খাই ভাল পাওঁ ৷ কিন্তু আমাৰ বহুতেই গাজৰৰ উপকাৰিতাৰ বিষয়ে সিমান জ্ঞাত নহয় ৷ এই প্ৰৱন্ধত গাজৰৰ উপকাৰিতা সন্দৰ্ভত আলোচনা কৰা হৈছে ৷

দৃষ্টিশক্তি বঢ়াই তোলাৰ সক্ষমতাৰ বাবে জনাজাত গাজৰ কেৱল সোৱাদযুক্তই নহয়, ই স্বাস্থ্যৱানো হয় ৷ শীতকালৰ এই পাঁচলিবিধক থকা উপাদান আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা হালৱা, চাপাটিৰ সৈতে চালাড, কেক, পুডিং, আচাৰ, জাম, ৰস আদিকে ধৰি বহুটো কামত ব্যৱহাৰ কৰিব পাৰি ৷ গাজৰৰ কোনটো ৰেচিপি অতিকে স্বাস্থ্য়গত আপুনি জানেনে ? অধিক পুষ্টিকৰ গাজৰৰ কিছুসংখ্যক তথ্য তলত তুলি ধৰা হ'ল ৷

গাজৰত পোৱা পুষ্টিকৰ উপাদানসমূহঃ

গাজৰত অধিক পৰিমানে বেটা কেৰ'টিন, ফাইবাৰ, এন্টি অক্সিডেন্ট, ভিটামিন এ, চি, কে, পান্টোথেনিক এচিদ, ফোলাটে, পটাছিয়াম, আইৰণ, কপাৰ, ফছফৰাছ, মেগনেছিয়াম আয়োডিন আৰু ছডিয়াম পোৱা যায় ৷

গাজৰ হালৱাৰ লাভসমূহঃ

মুখলৈ পানী অহা ভাৰতীয় মিঠা খাদ্যভ্যাসৰ অন্যতম হৈছে শীতকালত বনোৱা গাজৰৰ হালৱা ৷ অতিমাত্ৰা সোৱাদৰ উপৰিও ইয়ে শৰীৰৰ বাবেও যথেষ্ট কাম কৰে ৷ গৱেষণাত পোৱা তথ্য অনুসৰি, ৰন্ধাৰ পিচত ইয়াত থকা কেৰ’টিন আৰু ফেনোলিক এচিদৰ মাত্ৰা বাঢ়ি যায় ৷ গাখীৰ অথবা ঘিৰ সৈতে ইয়াক ৰান্ধিলে তাত থকা কেৰ’টিনোইডছৰ মাত্ৰা বাঢ়ি যায় ৷ ইয়াৰ দ্বাৰাই গাজৰ হালৱাই আমাৰ শৰীৰক যথেষ্ট পৰিমানে সুঠাম কৰি ৰাখে ৷

গাজৰৰ ৰসৰ লাভসমূহঃ

গাজৰৰ ৰস পান কৰিলে আমাৰ শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বাঢ়ি যায় আৰু ইয়ে পেটৰ মেদ কমোৱাত অধিক সহায় কৰে ৷ অধিক ফাইবাৰযুক্ত বাবে দেহৰ হজম শক্তি বঢ়োৱাতো সহায় কৰে গাজৰে ৷ গাজৰত পোৱা বেটা কেৰ'টিনে অৱসাদ দুৰ কৰাত সহায় কৰে ৷ গাজৰত থকা এ ভিটামিনে কেৱল দৃষ্টিশক্তিয়ে নহয়, প্ৰতিদিনে 1 গিলাছ গাজৰৰ ৰস সেৱন কৰিলে আমাৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে ৷ গাজৰত পোৱা কেৰ‘টিনোইডে হৃদৰোগীসকলৰ লগতে কলেষ্টৰ’ল কমোৱাত সহায় কৰে ৷

গাজৰ মুৰাব্বাৰ লাভসমূহঃ

আয়ুৰ্বেদিক আৰু য়ুনানী চিকিৎসাত গাজৰৰ মুৰাব্বাক ঔষধ হিচাপে প্ৰদান কৰা হয় ৷ গাজৰ এক চুপাৰফুড যিয়ে দুৰ্বলতা, অলসতা আৰু মানসিক অৱসাদ দুৰ কৰাত যথেষ্ট পৰিমানে সহায় কৰে ৷ গাজৰ মুৰাব্বাক কেন্সাৰৰ কোষসমূহ ধ্বংস কৰাৰ লগতে ইয়াৰ বিপৰীতে ঔষধ হিচাপে গ্ৰহণ কৰিব পৰা যায় ৷ মুৰাব্বাত পোৱা কেৰ‘টিনোইডে হৃদৰোগৰ বিপৰীতে কাম কৰে ৷

গাজৰত অধিক পৰিমানে আলফা-কেৰ’টিন, বেটা কেৰ’টিন আৰু লুটিয়েনো পোৱা যায় ৷ গাজৰত পোৱা কেৰ’টিনোইডে বয়স আৰু ছালৰ বৃদ্ধিত বিশেষ কাম কৰে ৷ হজম শক্তিৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হোৱা কোষসমূহৰ বিপৰীতে গাজৰত পোৱা বেটা কেৰ’টিনে এন্টি অক্সিডেন্ট হিচাপে কাম কৰে ৷

গাজৰক চকুৰ বাবেও উপকাৰী হিচাপে জনা যায় ৷ আয়ুৰ্বেদ আৰু য়ুনানী ঔষধত গাজৰ মুৰাব্বাক দৃষ্টিশক্তি বৃদ্ধিৰ ঔষধ হিচাপে প্ৰদান কৰা হয় ৷ ইয়াত থকা বেটা-কেৰ’টিনে পাকস্থলীত গৈ ভিটামিন এলৈ ৰূপান্তৰিত হয় ৷ পৰৱৰ্তী সময়ত ভিটামিন এ ৰডপচিনলৈ ৰূপান্তৰিত হয় যিটো নিশাৰ দৃষ্টিশক্তিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ ৷ গাজৰে চকুত ছানি পৰা ৰোগৰ পৰাও ৰক্ষা কৰে ৷

গাজৰ মুৰাব্বা সেৱন কৰি দাঁতৰো স্বাস্থ্য ঠিকে ৰাখিব পৰা যায় ৷ গাজৰৰ ৰসে থুইৰ সৈতে মিলিত হৈ এছিডত পৰিনত হয় আৰু কেভেটি বনোৱা বেক্টেৰিয়াসমূহ নিয়ন্ত্ৰণত ৰাখে ৷ গাজৰ মুখত লগোৱাই নহয়, ইয়াৰ বহিৰাগত ব্যৱহাৰো অধিকে লাভজনক ৷ গাজৰৰ পৰা প্ৰস্তুত কৰা ফেচ পেকে আপোনাক চাফা, উজ্জ্বল, ধুনীয়া ছাল উপহাৰ দিয়ে ৷ ছালৰ ধৰন অনুসৰি, গাজৰৰ ৰস অথবা পেষ্টৰ সৈতে অমিতা, কনী, ক্ৰীম, গাখীৰ পাউদাৰ অথবা চিন্নামনক একেলগে ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷

লগতে পঢ়ক : কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়বেটিচ ৰোগত আক্ৰান্তৰ সংখ্যা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.