ETV Bharat / sukhibhava

Plant-Based Diet: দীৰ্ঘায়ুৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ সুস্বাস্থ্যলৈকে উদ্ভিদ ভিত্তিক খাদ্য খোৱাৰ উপকাৰিতাসমূহ জানি লওক

উদ্ভিদ ভিত্তিক খাদ্যই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস আৰু দীৰ্ঘায়ু কৰালৈকে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে । ইয়াৰ অন্য লাভালাভৰ বিষয়ে জানো আহক...

From longevity to good heart health, there are 6 amazing benefits of eating a plant-based diet
দীৰ্ঘায়ুৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ সুস্বাস্থ্যলৈকে উদ্ভিদ ভিত্তিক খাদ্য খোৱাৰ উপকাৰিতাসমূহ জানি লওক
author img

By ETV Bharat Assamese Team

Published : September 21, 2023 at 2:13 PM IST

Choose ETV Bharat

শেহতীয়া বৰ্ষবোৰত স্বাস্থ্য, পৰিৱেশ, পশু কল্যাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উদ্ভিদ ভিত্তিক খাদ্যৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে ৷ এই খাদ্য বিকল্পত মূলতঃ উদ্ভিদ ভিত্তিক খাদ্য, যেনে ফল-মূল, শাক-পাচলি, শস্য, বাদাম আৰু বীজ খোৱাটো জড়িত হৈ থাকে ৷ কিছুমান মানুহৰ বাবে এইটো এটা উল্লেখযোগ্য পৰিৱৰ্তন যেন লাগিব পাৰে যদিও উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলে ইয়াৰ লগত বহুতো স্বাস্থ্য উপকাৰিতা জড়িত হৈ আছে ৷

উদ্ভিদ ভিত্তিক খাদ্যই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতিৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস আৰু দীৰ্ঘায়ু বৃদ্ধিলৈকে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ৷ কিন্তু সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিবলৈ সুষম আৰু উদ্ভিদভিত্তিক খাদ্যৰ পৰিকল্পনা কৰাটো অতি প্ৰয়োজনীয় ৷ উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলে কি কি উপকাৰিতা সাধন হয় জানো আহক-

ওজন হ্ৰাস কৰাত সহায় কৰে

উদ্ভিদ ভিত্তিক খাদ্যত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰিব পাৰে ৷ ফাইবাৰৰ ফলত আপুনি দীঘলীয়া সময়লৈকে পেট পূৰ হৈ থকা অনুভৱ কৰে, ইয়াৰ দ্বাৰা আপুনি সঠিক পৰিমাণে খাদ্য গ্ৰহণ কৰে ৷ যাৰ ফলত আপোনাৰ ওজন হ্ৰাস হোৱাত সহায় হয় ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা

উদ্ভিদ ভিত্তিক খাদ্যত চেচুৰেটেড আৰু ট্ৰেন্স ফেট কম থাকে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ উদ্ভিদ ভিত্তিক খাদ্যত অধিক পৰিমাণে আঁহ, এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী ৷

ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়

উদ্ভিদ ভিত্তিক খাদ্যই ৰক্তশৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যিয়ে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পায়

উদ্ভিদ ভিত্তিক খাদ্যত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি থাকে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰিব পাৰে ৷

অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

উদ্ভিদ ভিত্তিক খাদ্যত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে আন্ত্ৰিক বেক্টেৰিয়াক সুস্থ কৰি তোলাত সহায় কৰিব পাৰে ৷ হজম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সুস্থ আন্ত্ৰিক বেক্টেৰিয়া গুৰুত্বপূৰ্ণ ৷

দীৰ্ঘায়ু হোৱা

অধ্যয়নত দেখা গৈছে যে উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰা লোকসকলে বেছি দিন জীয়াই থাকে ৷ উদ্ভিদ ভিত্তিক খাদ্যই দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা আৰু সামগ্ৰিক স্বাস্থ্য আৰু সজীৱতা উন্নত কৰাত সহায় কৰে ৷

লগতে পঢ়ক: Health Tips: আঙুৰ খাই ভাল পাই ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে