ETV Bharat / sukhibhava

Litchi Benefits: গৰম দিনত লিচু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে ? শৰীৰৰ বহু ৰোগ নিৰাময় কৰে লিচুৱে

author img

By

Published : May 21, 2023, 6:51 PM IST

লিচু স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি কোৱা হয় (Litchi Benefits) ৷ এই ফলটোত কি কি গুণ লুকাই আছে আৰু কিয় ইয়াক গ্ৰহণ কৰিব লাগে জানি লওক এই প্ৰতিবেদনৰ যোগেদি...

Do you know the benefits of eating litchi in summer
লিচু খোৱাৰ উপকাৰিতা

গ্ৰীষ্মকাল অহাৰ লগে লগে বজাৰত ভৰি পৰে ধুনীয়া ধুনীয়া গ্ৰীষ্মকালীন ফল (Litchi Benefits) ৷ গ্ৰীষ্মকালীন ফলৰ ভিতৰত অন্যতম ফল হৈছে লিচু ৷ লিচু এনেকুৱা এটা ফল যিটো সকলো বয়সৰ লোকে খাই ভাল পায় । কিয়নো এই ফল কেৱল সোৱাদযুক্তই নহয়, বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰেও সমৃদ্ধ ।

যিহেতু লিচুৰ সোৱাদ মিঠা, সেয়েহে ইয়াক আইচক্ৰীম, চৰবহতকে ধৰি বহু প্ৰকাৰে ব্যৱহাৰ কৰা হয় । লিচু স্বাস্থ্যৰ পক্ষে বহু উপকাৰী । গতিকে জানো আহক লিচুৰ ভিতৰত কি কি গুণ লুকাই আছে আৰু কিয় ইয়াক গ্ৰহণ কৰিব লাগে (Benefits of eating litchi in summer) ৷

লিচু খোৱাৰ উপকাৰিতা

১) হজম শক্তি বৃদ্ধিত সহায় কৰে

লিচুত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে খাদ্য হজম কৰা যথেষ্ট সহায় কৰে (Litchi Health Benefits) ৷ লিচুক আঁহৰ ভাল উৎস বুলিও গণ্য কৰা হয় । এই কাৰণেই লিচুৱে পেটৰ লগত জড়িত সমস্যাবোৰ আঁতৰাই ৰখাত আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়াত সহায় কৰে ।

২) ৰক্তচাপ নিয়ন্ত্ৰণ

ৰক্তচাপ এনেকুৱা এটা ৰোগ, যাৰ সন্মুখীন হৈছে বৰ্তমান সময়ত বৃহৎ সংখ্যক লোক । যদিও লিচুত এনে বহু গুণ আছে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰিব পাৰে । লিচুত ভাল পৰিমাণৰ পটাছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে ।

৩) সমৃদ্ধ এন্টিঅক্সিডেন্ট

লিচুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্টো থাকে। যিয়ে আমাৰ শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাৰ কাম কৰে । লিচু এনেকুৱা এটা ফল, যাক এন্টিঅক্সিডেন্টৰ ভাল উৎস বুলি গণ্য কৰা হয় । আপুনি জানি আচৰিত হ’ব যে এই ফলটোৱে ডায়েবেটিছ আৰু এন্টিঅক্সিডেন্ট ষ্ট্ৰেছ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো কাম কৰে ।

৪) ইমিউনিটি বৃদ্ধি কৰে

লিচুত প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা থাকে । সেয়াহে লিচু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । ইয়াৰ উপৰিও লিচু ভিটামিন চিৰ এটা ভাল উৎস, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত ডাঙৰ ভূমিকা পালন কৰে (Litchi Effects on Health)।

৫) ছাল আৰু চুলিৰ বাবে উপকাৰী

লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে । গতিকে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি ৰখাৰ ক্ষেত্ৰতো কাম কৰে লিচুৱে (Litchi benefits for skin) ৷ ভিটামিন ইয়ে ৰ’দত পোৰা আৰু ছালৰ প্ৰদাহও নিৰাময় কৰিব পাৰে । লিচুত তাম থাকে, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰিব পাৰে (Litchi skincare tips) ।

লগতে পঢ়ক: Migraine Pain : গ্ৰীষ্মকালীন গৰমৰ ফলত হোৱা মূৰৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব ? জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.