ঋতুস্ৰাৱৰ সমস্যাসমূহক নকৰিব আওকাণ; নিশ্চয় কৰাওক এইসমূহ পৰীক্ষা
Published: Nov 21, 2023, 4:08 PM

ঋতুস্ৰাৱৰ সমস্যাসমূহক নকৰিব আওকাণ; নিশ্চয় কৰাওক এইসমূহ পৰীক্ষা
Published: Nov 21, 2023, 4:08 PM
ঋতুস্ৰাৱ সম্পৰ্কীয় সমস্যাক আওকাণ কৰিলে ভৱিষ্যতে গুৰুতৰ ৰোগৰ সৃষ্টি হ’ব পাৰে । গতিকে অনিয়মিত ঋতুচক্ৰ আৰু মাহেকীয়াৰ লগত জড়িত সমস্যাবোৰক আওকাণ কৰাৰ পৰিৱৰ্তে কিছুমান মৌলিক পৰীক্ষা গ্ৰহণ কৰি ইয়াৰ প্ৰকৃত কাৰণ জানি চিকিৎসা বা প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পৰা যায় ।
মহিলাসকলে নিজৰ স্বাস্থ্যৰ লগত জড়িত সৰু সৰু সমস্যাবোৰকো প্ৰায়ে আওকাণ কৰে ৷ বিশেষকৈ যেতিয়া সমস্যাটো মাহেকীয়াৰ সৈতে জড়িত হয়, আজিও বহু মহিলাই কাৰো সৈতে শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ কৰে ৷ কিন্তু এনে কৰিলে কেতিয়াবা গুৰুতৰ সমস্যাৰো সৃষ্টি হয়, সেয়েহে ঋতুস্ৰাৱৰ লগত জড়িত প্ৰতিটো সৰু সৰু সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰা উচিত ৷
যদি আপুনি অনিয়মিত ঋতুচক্ৰ (ঋতুস্ৰাৱৰ তাৰিখ সলনি), অনিয়মিত ৰক্তক্ষৰণ, যোনিৰ পৰা স্ৰাৱ হোৱা আদি সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় পৰীক্ষা গ্ৰহণ কৰাটো উচিত, যাতে ইয়াৰ আঁৰৰ কাৰণটো জানিব পৰা যায় ৷
ঋতুস্ৰাৱ হৈছে প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত হোৱা এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু ইয়াৰ লগত জড়িত সমস্যাসমূহ প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে ৷ গতিকে যদি কোনো অস্বাভাৱিক লক্ষণ দেখা যায় তেন্তে কিছুমান মৌলিক পৰীক্ষা গ্ৰহণ কৰাটো উচিত ৷
থাইৰয়ড পৰীক্ষা কৰাওক
কেতিয়াবা থাইৰয়ডৰ সমস্যাৰ বাবে আপোনাৰ ঋতুচক্ৰ অনিয়মিত হ’ব পাৰে, কাৰণ হৰম’নৰ উঠা-নমাৰ বাবে থাইৰয়ডৰ সমস্যা হয় ৷ ইয়াৰ বাহিৰেও থাইৰয়ডে আপোনাৰ স্বাস্থ্যৰ ওপৰত বহু দিশত প্ৰভাৱ পেলাব পাৰে ৷ সেয়েহে থাইৰয়ড পৰীক্ষা কৰোৱাটো উচিত ৷
ইনচুলিনৰ মাত্ৰা পৰীক্ষা কৰক
যদি আপোনাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা ভাৰসাম্যহীন হৈ পৰে তেন্তে ই আপোনাৰ মাহেকীয়া চক্ৰত প্ৰভাৱ পেলাব পাৰে ৷ টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত পিৰিয়ড সম্পৰ্কীয় সমস্যা প্ৰায়ে দেখা যায় ৷ গতিকে যদি আপোনাৰ ঋতুচক্ৰ অনিয়মিত হয় তেন্তে আপোনাৰ ইনচুলিনৰ মাত্ৰা পৰীক্ষা কৰাব লাগে ৷
টেষ্টষ্টেৰনৰ মাত্ৰা পৰীক্ষা
মহিলাৰ শৰীৰত যেতিয়া টেষ্ট’ষ্টেৰনৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া মাহেকীয়া অনিয়মিত হ’ব পাৰে ৷ এই হৰম’নৰ মাত্ৰা বৃদ্ধিৰ বাবে মহিলাসকলে পিচিঅ’এছ অৰ্থাৎ পলিচিষ্টিক অভাৰী চিণ্ড্ৰম ৰোগত আক্ৰান্ত হয়, যাৰ ফলত ডিম্বাশয়তো গোটা তেজ গোট খাব পাৰে ৷
প্ৰলেক্টিন ছিৰাম পৰীক্ষা
অনিয়মিত ঋতুচক্ৰৰ বাহিৰেও যদি গৰ্ভধাৰণ নকৰাকৈয়ে স্তনৰ পৰা বগা স্ৰাৱ ওলোৱাৰ সমস্যাৰ সৃষ্টি হয়, তেন্তে প্ৰ’লেক্টিন ছিৰাম টেষ্ট কৰিব লাগে ৷ প্ৰলেক্টিনৰ মাত্ৰা বৃদ্ধি হ’লে ঋতুস্ৰাৱ অনিয়মিত হোৱাৰ লগতে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে ৷
জীৱনশৈলী উন্নত কৰাটো গুৰুত্বপূৰ্ণ
আপোনাৰ অস্বাস্থ্যকৰ জীৱনশৈলীও পিৰিয়ড সম্পৰ্কীয় সমস্যাৰ আঁৰৰ কাৰণ হ’ব পাৰে ৷ সেয়ে দৈনন্দিন কাম-কাজ উন্নত কৰক, যেনে সময়মতে টোপনি গ্ৰহণ কৰা আৰু সময়মতে উঠা, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা, দৈনিক লঘু ব্যায়াম বা যোগাসন কৰা ৷ লগতে জাংক ফুড, টেঙা আৰু ভজা খাদ্যৰ দৰে অস্বাস্থ্যকৰ খাদ্যৰ পৰা আঁতৰি থাকিব ৷
