চিটাৰা ডেস্ক 22 মে বেয়া জীৱনশৈলী আৰু বেয়া খাদ্যৰ বাবে বৰ্তমান সময়ত মানুহৰ শৰীৰত যিকোনো সমস্যাই দেখা দিয়ে ৷ ইয়াৰে ভিতৰত এটা হৈছে বুকুৰ বিষ । আপুনি জানানে বুকুৰ বিষ যে হৃদৰোগৰ প্ৰধান লক্ষণ সেয়াহে বুকুৰ বিষ হলে ইয়াক কেতিয়াও আওকাণ নকৰিব Chest Pain ৷ অৱশ্যে এয়া হৃদৰোগ নহলেও অন্য ৰোগৰ লক্ষণো হব পাৰে ৷ গতিকে বুকুৰ বিষ কিয় হয় জানো আহক এই প্ৰতিবেদনত ৷এইসমূহ সমস্যাৰ পৰাও হয় বুকুৰ বিষ১ এঞ্জাইনা হলেও বুকুৰ বিষ হয় Angia । হৃদযন্ত্ৰত তেজৰ প্ৰভাৱ কমি গলে এনে হয় Types of Chest Pain। এঞ্জাইনাত বিষ হলে চাপ গধুৰতা টান হোৱাৰ দৰে অনুভৱ হয় । এঞ্জাইনাক ইস্কেমিক বুকুৰ বিষ বুলিও কোৱা হয়।২ কষ্টোকণ্ড্ৰাইটিছতো বুকুৰ বিষ অনুভৱ হয় Costochondritis । কামিহাড় আৰু স্তনৰ হাড়ৰ সংযোগস্থলত প্ৰদাহ হলে কষ্টোকণ্ড্ৰাইটিছ হয় ।3 নিউমোনিয়াৰ বাবেও হব পাৰে বুকুৰ বিষ Pneumonia । আচলতে নিউমোনিয়াৰ বাবে হাওঁফাওঁত উপস্থিত বায়ুৰ মোনাত বায়ু ভৰি পৰে । ইয়াৰ বাবে ৰোগীৰ কাহ আৰু উশাহ লোৱাত অসুবিধা হয় । লগতে বুকুৰ বিষ হয় গতিকে সময়মতে চিকিৎসা নকৰিলে ৰোগীগৰাকীৰ মৃত্যুও হব পাৰে What causes chest pain ।৪ পেনিক এটেক বা উদ্বেগ অনুভৱ কৰিলেও বুকুৰ বিষ অনুভৱ হয় Panic Attack। এই ধৰণৰ অৱস্থাত ব্যক্তিয়ে দ্ৰুত উশাহ লোৱাৰ লগতে বুকুৰ বিষ অনুভৱ কৰে ।৫ বুকুৰ বিষৰ আন এটা কাৰণ হল এচিড ৰিফ্লাক্স Gastroesophageal Reflux । পেটৰ এচিড খাদ্যনলীত উপনীত হলে বুকুৰ বিষ হয় । এই পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় ।6 এই ধৰণৰ বুকুৰ বিষ এজন ব্যক্তিয়ে অনুভৱ কৰে যেতিয়া খাদ্যনলী অৰ্থাৎ খাদ্যৰ পাইপ সৰু হবলৈ আৰম্ভ কৰে।লগতে পঢ়ক Migraine Pain গ্ৰীষ্মকালীন গৰমৰ ফলত হোৱা মূৰৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব জানি লওক