Hair Loss: থাইৰয়ডে বৃদ্ধি কৰে নেকি চুলি সৰা সমস্যা ?

author img

By

Published : Dec 10, 2022, 12:24 PM IST

Can thyroid disease lead to hair loss

থাইৰয়ড গ্ৰন্থিয়ে অত্যধিক থাইৰয়ড হৰম’ন তৈয়াৰ কৰিলে হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম হয় । এই অৱস্থাক অতি সক্ৰিয় থাইৰয়ড বুলিও কোৱা হয় । এনে হ'লে অত্যধিক মাত্ৰাত চুলি সৰা সমস্যাই দেখা দিয়াৰ লগতে চুলি পুনৰ বৃদ্ধি হোৱাত ব্যাঘাত জন্মাব পাৰে ৷ ইয়াৰ বিষয়ে আৰু অধিক বিতংভাৱে জানো আহক...

হয়, থাইৰয়ড হৈছে এক গুৰুত্বৰ ৰোগ(Thyroid disease) ৷ এই ৰোগৰ চিকিৎসা সময়মতে নকৰিলে চুলি সৰাৰ লগতে বিভিন্ন সমস্যাই দেখা দিব পাৰে । যেতিয়া থাইৰয়ডে সঠিকভাৱে হৰম’ন উৎপাদন নকৰে তেতিয়া ই শৰীৰৰ প্ৰক্ৰিয়াসমূহত প্ৰভাৱ পেলায় । তেনে এক প্ৰক্ৰিয়া হ’ল গুৰিত চুলিৰ বিকাশ ।

গুৰুতৰ আৰু দীৰ্ঘদিনীয়া হাইপোথাইৰয়ডিজম(prolonged hypothyroidism) আৰু হাইপাৰথাইৰয়ডিজমৰ(hyperthyroidism) ফলত চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে । এই চুলি সৰা সমস্যা বিচ্ছিন্ন অংশতকৈ গোটেই মূৰৰ ছাললৈ বিয়পিব পাৰে(Can thyroid disease lead to hair loss) ।

থাইৰয়ড গ্ৰন্থিয়ে অত্যধিক থাইৰয়ড হৰম’ন তৈয়াৰ কৰিলে হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম হয় । এই অৱস্থাক অতি সক্ৰিয় থাইৰয়ড বুলিও কোৱা হয় । হাইপাৰথাইৰয়ডিজমে আৰু হাইপোথাইৰয়ডিজম শৰীৰৰ বিপাকীয় ক্ৰিয়া দ্ৰুত কৰে ।

তেনে স্থলত যেতিয়া এই হাইপাৰথাইৰয়ডিজম আৰু হাইপোথাইৰয়ডিজম হয় তেতিয়া চুলিবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে । থাইৰয়ডৰ ফলত হোৱা এই সমস্যা সফল চিকিৎসাৰ পিছত পুনৰ চুলি সৰা সমস্যা দূৰ হ'ব পাৰে, কিন্তু এই প্ৰক্ৰিয়াত কেইবামাহো সময়ৰ প্ৰয়োজন হ'ব পাৰে আৰু কেতিয়াবা ই সম্পূৰ্ণভাৱে নিৰাময় নহ'বও পাৰে । থাইৰয়ডৰ কিছুমান সাধাৰণ অৱস্থা যেনে হাছিম’ট’’ছ থাইৰয়ডাইটিছ আৰু গ্ৰেভছ’ ডিজিজ(Hashimoto’s thyroiditis and Graves’ disease) হৈছে অটোইম্যুন ডিছঅৰ্ডাৰ(autoimmune disorders) যিয়ে কেতিয়াবা চুলি সৰাৰ কাৰণ হ’ব পাৰে ।

T3 আৰু T4ৰ অনিয়মিত কাৰ্যক্ষমতাই পুনৰ চুলি পুনৰ বৃদ্ধি হোৱাত ব্যাঘাত জন্মাব পাৰে । এনে হ'লে সময়ৰ লগে লগে চুলি পাতল হোৱা দেখা যায় ৷ হাইপোথাইৰয়ডিজমে(Hypothyroidism) আপোনাৰ চকুৰ নোম, শৰীৰৰ চুলি, আৰু চকুৰ পতাতো প্ৰভাৱ পেলাব পাৰে । কিন্তু ইয়াৰ কেনেকৈ পৰিত্ৰাণ পাব পাৰি ইয়াৰ বিষয়ে জানো আহক-

আইৰণৰ পৰিমাণ বৃদ্ধি কৰে

ফেৰিটিনৰ মাত্ৰা আপোনাৰ আইৰণৰ ভঁৰালৰ সৈতে জড়িত । যেতিয়াই শৰীৰত এই ফেৰিটিনৰ মাত্ৰা কম হয় তেতিয়াই চুলিৰ সৰাৰ সমস্যাই দেখা দিব পাৰে ।

চুলি সৰা আৰু আইৰণৰ ভঁৰালৰ ওপৰত কৰা এক অধ্যয়নত থাইৰয়ডৰ অৱস্থা থকা লোকসকলক বাদ দিয়া হৈছিল । এই বৰ্জনৰ আঁৰৰ যুক্তি অতি আকৰ্ষণীয়। গৱেষকসকলে বুজাইছে যে, থাইৰয়ডৰ সমস্যাই শৰীৰৰ ফেৰিটিনৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে । আপোনাৰ আইৰণ আৰু ফেৰিটিন পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি সঠিক আহাৰ বা ঔষধ গ্ৰহণ কৰা উচিত ।

লগতে পঢ়ক: Music therapy: মানসিক চাপ দূৰ কৰাৰ বাবে অতি উপকাৰী এই থেৰাপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.