Protein Powder Side Effects: আপুনিও প্ৰ’টিন পাউদাৰ গ্ৰহণ কৰে নেকি ? তেন্তে ইয়াৰ অপকাৰিতাসমূহ জানি লওক
আজিকালি সকলোৱে মাংসপেশী গঠনৰ বাবে কঠোৰ ৱৰ্কআউটৰ লগতে খাদ্যভ্যাসত গুৰুত্ব দিয়ে । যাৰ বাবে বহুলোকে স্বাস্থ্যকৰ আৰু প্ৰাকৃতিক প্ৰ’টিন গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰ’টিন পাউদাৰৰ ওপৰত অধিক নিৰ্ভৰশীল । যদি আপুনিও এই কাম কৰে তেন্তে ইয়াৰ অত্যধিক সেৱনৰ ফলত হোৱা ক্ষতিৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় । ইয়াত ইয়াৰ বিষয়ে বিতংভাৱে পঢ়ক-

Published : October 17, 2023 at 1:04 PM IST
ফিট হৈ থকাটো কিমান জৰুৰী, মহামাৰী ক’ৰনাই সেইকথা সকলোকে খুব ভালকৈ বুজাই দিলে ৷ মানুহ এতিয়া ফিটনেছৰ প্ৰতি অতি সচেতন হৈ পৰিছে ৷ তেওঁলোকে স্বাস্থ্যসন্মত জীৱনশৈলী, স্বাস্থ্যসন্মত খাদ্য, জিমলৈ যোৱা আদি কথাবোৰ গুৰুত্বসহকাৰে অনুসৰণ কৰিছে যদিও ইয়াৰ লগতে আন মানুহে এক প্ৰতিযোগিতাত নামি পৰিছে আৰু সেয়া হ’ল মাংসপেশী গঢ়ি তোলা ৷
বিশেষজ্ঞসকলে পেশী গঠনৰ বাবে প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে, কিন্তু যিমান পাৰি সোনকালে পেশী গঠন কৰিবলৈ হ’লে মানুহে ইয়াৰ সুবিধা আৰু অসুবিধা নাজানি প্ৰাকৃতিক ভাৱে পোৱা প্ৰ’টিনৰ পৰিৱৰ্তে প্ৰ’টিনৰ গুড়ি বা আৰ্টিফিচিয়েল প্ৰ’টিন গ্ৰহণ কৰিবলৈ অধিক পচন্দ কৰিছে ৷ আজিকালি ছ’চিয়েল মিডিয়া, বিজ্ঞাপন সকলোতে কৃত্ৰিম প্ৰ’টিনৰ গ্ৰহণ কৰাৰ লাভালাভৰ বিষয়ে যিধৰণে দেখুওৱা হয় সেইবাবে বহুলোকে ইয়াক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি কৃত্ৰিম প্ৰ’টিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লও আহক ৷

ৰক্তচাপ বৃদ্ধি পাব পাৰে
বিশেষজ্ঞসকলৰ মতে প্ৰ’টিন পাউদাৰ অত্যধিক সেৱনে ভাগৰুৱা, মূৰৰ বিষ, বমি আদিৰ দৰে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে ৷ ৱেই প্ৰ’টিনৰ দৰে কৃত্ৰিম প্ৰ’টিন সেৱন কৰিলেও আপোনাৰ ৰক্তচাপৰ মাত্ৰা হঠাৎ বৃদ্ধি পাব পাৰে ৷ যাৰ বাবে হৃদযন্ত্ৰ বন্ধ হোৱা আৰু হৃদস্পন্দনৰ সমস্যাও দেখা দিব পাৰে ৷
পাচনতন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ
বেছিভাগ প্ৰ’টিনৰ গুড়ি গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় ৷ গাখীৰত লেক্ট’জ থাকে, যিটো এক প্ৰকাৰৰ প্ৰাকৃতিক চেনি ৷ লেক্ট’জ হজম কৰিব নোৱাৰা লোকৰ পাচনতন্ত্ৰতো প্ৰ’টিন হজম কৰিবলৈ অক্ষম হয় ৷ ইয়াৰ ফলত গেছ আৰু পেট ফুলাৰ সমস্যা হ’ব পাৰে ৷
মেদবহুলতাৰ সমস্যা
যেতিয়া আপুনি অত্যধিক পৰিমাণৰ প্ৰ’টিন সেৱন কৰে তেতিয়া আপুনি অধিক ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু যেতিয়া আপুনি বেছি কাৰ্যকলাপ নকৰে, তেতিয়া পৰ্যাপ্ত পৰিমাণৰ কেলৰি হ্ৰাস নহয়, যাৰ ফলত এই প্ৰ’টিনবোৰ শৰীৰত চৰ্বিৰ ৰূপত জমা হৈ পৰে ৷ ই তেজত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত মেদবহুলতা বৃদ্ধি পায় ৷
বৃক্কত প্ৰভাৱ পেলায়
শৰীৰে যেতিয়া প্ৰ’টিন ব্যৱহাৰ কৰে তেতিয়া ই এমোনিয়াৰ উপজাত পদাৰ্থ নিৰ্গত কৰে, যিবোৰ তাৰ পিছত ইউৰিয়ালৈ ৰূপান্তৰিত হয় ৷ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ইউৰিয়া ওলাই আহে ৷ অত্যধিক প্ৰ’টিন সেৱন কৰিলে ইউৰিয়াৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত বৃক্কত অপ্ৰয়োজনীয় চাপ পৰে ৷
হৰম’নেও প্ৰভাৱ পেলায়
যদি আপুনি চয়া ভিত্তিক প্ৰ’টিন খায় তেন্তে আপোনাৰ হৰম’ন প্ৰভাৱিত হ’ব পাৰে কাৰণ সৰিয়হত ফাইটোইষ্ট্ৰজেন থাকে ৷ ই আপোনাৰ শৰীৰত ইষ্ট্ৰজেন নিৰ্গত কৰে, যাৰ ফলত হৰম’নে ভাৰসাম্য হেৰুৱাব পাৰে ৷

