তুলসীৰ উপকাৰিতাসমূহৰ বিষয়ে আপুনি জানেনে ?

author img

By

Published : Sep 19, 2022, 2:27 PM IST

amazing health benefits of Tulsi

ভাৰতীয় ঘৰত জন্ম লৈ ডাঙৰ-দীঘল হোৱা প্ৰতিজন মানুহেই নিশ্চয় তুলসী (Tulsi)ৰ গুৰুত্ব জানে । তুলসীৰ আছে বহু গুণকাৰী দিশ যিসমূহ জানিলে নিশ্চয় আচৰিত হ'ব আপুনিও ৷

ভাৰতীয় ঘৰত জন্ম লৈ ডাঙৰ-দীঘল হোৱা প্ৰতিজন মানুহেই নিশ্চয় তুলসী (Tulsi)ৰ গুৰুত্ব জানে(health benefits of Tulsi) । ইয়াক প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন স্বাস্থ্যজনিত অৱস্থাৰ চিকিৎসা কৰিব পাৰি । এই উদ্ভিদে আগবঢ়োৱা এটা গুৰুত্বপূৰ্ণ উপকাৰিতা হ’ল শৰীৰত ইউৰিক এচিড (uric acid)ৰ পৰিমাণ হ্ৰাস কৰা ।

সময়মতে চিকিৎসা নকৰিলে ইউৰিক এচিড বেছি হোৱাৰ ফলত হাড়, গাঁঠি আৰু কলাৰ স্থায়ী ক্ষতিৰ দৰে গুৰুতৰ জটিলতা আহিব পাৰে । ইয়াৰ ফলত বৃক্ক আৰু হৃদযন্ত্ৰৰো ৰোগ হ’ব পাৰে । এই জটিল সমস্যাবোৰৰ বাবে তুলসী সেৱন কৰাটো অতি প্ৰয়োজনীয় ।

তুলসীয়ে শৰীৰ বিষমুক্ত কৰাত সহায় কৰে কাৰণ ইয়াত ডিইউৰেটিকছ (Diuretics) গুণ আছে । Diuretics হৈছে এক প্ৰকাৰৰ ঔষধ যাৰ ফলত বৃক্ক (kidneys)ত অধিক প্ৰস্ৰাৱ উৎপন্ন হয়। অতিৰিক্ত তৰল পদাৰ্থৰ পৰা মুক্তি পোৱাত ইহঁতে আমাৰ শৰীৰক সহায় কৰে ।

তুলসীয়ে প্ৰস্ৰাৱৰ ঔষধ হিচাপে কাম কৰি শৰীৰত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰে । ই এজন ব্যক্তিৰ বৃক্কত পাথৰ (kidney stones) কম হোৱাতো সহায় কৰে। ইউৰিক এচিড হ্ৰাস হ'লে গাউট (Gout)ৰ সমস্যাত ভোগা ৰোগীক ডাঙৰ ৰেহাই পোৱা যায় । গাউট হৈছে বাতবিষৰ এক জটিল ৰূপ । এই সমস্যাৰ লক্ষণসমূহ হ’ল- এটা বা ততোধিক গাঁঠিত বিষৰ চৰম আক্ৰমণ, ৰঙা পৰা আৰু ফুলা ।

চুলি আৰু ছালৰ লগত জড়িত সমস্যাত তুলসী (Tulsi Benefits for Skin and Hair)য়ে সকাহ দিয়ে । ই ফোহাৰ পৰা মুক্তি পোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই মূৰৰ ছাল শক্তিশালী কৰে আৰু উফি (Dandruff)ৰ পৰা ৰক্ষা কৰাত সহায় কৰে । ই ডায়েবেটিছ আৰু হৃদৰোগৰ জটিলতা (diabetes and heart problems) নিৰাময় কৰাত সহায় কৰে । ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ চিকিৎসাত তুলসীৰ এন্টিঅক্সিডেন্ট আৰু এন্টিবায়’টিক গুণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

অধ্যয়নত প্ৰমাণিত হৈছে যে, তুলসী উদ্ভিদে মানসিক চাপ আৰু হতাশা (stress and depression)ত ভুগি থকা ব্যক্তিসকলক সহায় কৰিব পাৰে । ইয়াৰ উপৰিও ইয়াৰ কৰ্কট ৰোগ প্ৰতিৰোধ গুণ আছে আৰু ই ওজন কমোৱা (weight Loss)ত সহায় কৰে ।

এই সকলোবোৰ উপকাৰৰ কথা মনত ৰাখি তুলসী কেনেদৰে সেৱন কৰিব লাগে সেয়াও জনাটো প্ৰয়োজনীয় । তুলসী পাত ৰাতিপুৱাই খালী পেটত খালে (Eat Tulsi at morning in an empty stomach) ভাল ফল পোৱা যায় । খাদ্য আৰু চাহৰ লগতো মিহলাই খাব পাৰি ।

লগতে পঢ়ক: চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.