কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস

author img

By

Published : Jun 6, 2021, 8:25 AM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত উদযাপন বিশ্ব পৰিৱেশ দিৱস

শনিবাৰে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ অধীনষ্ঠ বন বিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day) ৷ পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰ চৌহদত ৰোপণ কৰা হয় বিভিন্ন প্ৰকাৰৰ গছপুলি ৷

ডিফু,6 জুন: সমগ্ৰ বিশ্বৰ লগত শনিবাৰে কাৰ্বি আংলং জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day) ৷ শনিবাৰে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ অধীনষ্ঠ বন বিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰতে সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে বিশ্ব পৰিৱেশ দিৱস(World Environment Day) উদযাপন কৰা হয় ৷ লগতে বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ(Tree Planting) কৰা হয় ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত উদযাপন বিশ্ব পৰিৱেশ দিৱস
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত উদযাপন বিশ্ব পৰিৱেশ দিৱস

উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় ব’ৰ্ড চেয়াৰমেন তথা এমএচি ৰিচাৰ্ড টকবী, নৱ নিযুক্ত প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, জিলা বন বিষয়াকে ধৰি কেইবাগৰাকী ইএম আৰু এমএচিয়ে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ(Tree Planting) কৰে ৷

এই কাৰ্যসূচীৰ পিছতে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ জৈৱ বৈচিত্ৰ(Biodiversity) আৰু বিশ্ব পৰিৱেশ দিৱস(World Environment Day)ৰ ওপৰত বক্তৃতা প্ৰদান কৰে ৷

লগতে পঢ়ক: প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.