পশ্চিম কাৰ্বি আংলঙত পুনৰ 2 যুৱকৰ দেহত COVID-19

author img

By

Published : May 27, 2020, 9:35 AM IST

পশ্চিম কাৰ্বি আংলঙৰ আৰু দুই যুৱকৰ দেহত COVID-19 পজিটিভ

নিশাই যুৱকদ্বয়ক চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই । এই ঘটনাত শংকিত-ভীতিগ্ৰস্ত জিলাবাসী।

হোজাই, 27 মে': পশ্চিম কাৰ্বি আংলঙত পুনৰ বৃদ্ধি পাইছে COVID-19 পজিটিভৰ সংখ্যা । কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জিৰিবাছা গাওঁৰ অজয় শিৱা (২২) আৰু ভীম ভদ্ৰ সিংহা (২২) নামৰ যুৱকদ্বয়ৰ দেহত COVID-19 পজিটিভ থকাৰ তথ্য লাভৰ পাছত এইবাৰ পুনৰ দুই যুৱকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ । আক্ৰান্ত হোৱা এজন যুৱক মুন্না চৌহান (২১) বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক মোহন বাহাদুৰ ছেত্ৰী (১৯) বুলি চিনাক্ত কৰা হৈছে । খেৰণি থানা অন্তর্গত ২ নম্বৰ নৱাইবিল গাওঁৰ বাসিন্দা মুন্না চৌহান, আনহাতে মোহন বাহাদুৰ ছেত্ৰী টুমপ্ৰেঙৰ বাসিন্দা ।

পশ্চিম কাৰ্বি আংলঙত আৰু 2 যুৱকৰ দেহত COVID-19 পজিটিভ
পশ্চিম কাৰ্বি আংলঙত আৰু 2 যুৱকৰ দেহত COVID-19 পজিটিভ

ইতিমধ্যে নিশাই যুৱকদ্বয়ক চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই । উল্লেখ্য যে, কিছুদিন পূৰ্বে মোহন বাহাদুৰ ছেত্ৰী বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহাৰ বিপৰীতে মুন্না চৌহান নামৰ যুৱকজনেও কৰ্মসূত্ৰে মহাৰাষ্ট্ৰৰ মুম্বাইত আছিল । যোৱা ফেব্ৰুৱাৰী মাহতে কৰ্মস্থান ত্যাগ কৰি নিজ গৃহলৈ উভতি আহিছিল মুন্না চৌহান। কিন্তু কিছুদিন পূৰ্বে মুন্না চৌহান কিছু অসুস্থ হোৱাত তেওঁৰ COVID-19 পৰীক্ষা কৰাত যুৱকজনৰ দেহত ধৰা পৰে এই মহামাৰীৰ সংক্ৰমণ ।

পশ্চিম কাৰ্বি আংলঙত আৰু 2 যুৱকৰ দেহত COVID-19 পজিটিভ
পশ্চিম কাৰ্বি আংলঙত আৰু 2 যুৱকৰ দেহত COVID-19 পজিটিভ

উল্লেখযোগ্য যে, ইতিমধ্যে উক্ত ২ নম্বৰ নৱাইবিল অঞ্চলটোক পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । মন কৰিবলগীয়া যে, এই পজিটিভ তথ্যৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পাছতেই নৱাইবিল অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰাৰ বিপৰীতে ভীতিগ্ৰস্ত হৈ পৰিছে এতিয়া পশ্চিম কাৰ্বি আংলঙৰ সাধাৰণ ৰাইজ ।

আনহাতে আজি পুৱাৰ ভাগত গাজিয়াবাদৰ পৰা নিজ গৃহলৈ বুলি আহি খেৰণি পুৰণাবস্তিত উপস্থিত হোৱা মুৰাদ যাদৱৰ পুত্ৰ সোণো যাদৱকো(১৯) কোৱাৰেণ্টাইনৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.