সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 18, 2021, 7:00 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

400 খন বিদ্যালয় বন্ধ কৰি দিছে অৰুণাচল প্ৰদেশে ৷ কি উদ্দেশ্য লৈ লোৱা হ’ল এই সিদ্ধান্ত জনালে খোদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

সহস্ৰাধিক সন্দেহজনক নাগৰিকৰ তালিকা উলিয়ালে NRC কৰ্তৃপক্ষই

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ১,০৩২ গৰাকী সন্দেহযুক্ত লোকৰ নামৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এন আৰ চি কৰ্তৃপক্ষই ৷ এই লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লবলৈও উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা ৷

দুৰ্ঘটনাত পতিত Indian Air Force ৰ Mi 17 helicopter

পূব অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাৰ (IAF) এমআই-17 হেলিকপ্টাৰ ( Mi 17 helicopter ) দুৰ্ঘটনাগ্ৰস্ত হয় ৷ সবিশেষ জানো আহক ৷

Indo-Bangladesh border ত BSF ৰ বিশেষ ক্ষমতাক লৈ বিপৰীত মেৰুত মমতা-হিমন্ত

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অসম আৰু পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ 50 কিলোমিটাৰৰ ভিতৰত অভিযান চলাবলৈ সীমা সুৰক্ষা বলক(BSF) বিশেষ ক্ষমতা প্ৰদান কৰা ব্যৱস্থা সম্পৰ্কত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লৈছে বিপৰীত স্থিতি ৷ সবিশেষ জানো আহক ৷

India-China Border Dispute: দুয়োপক্ষৰ মাজত চতুৰ্দশ সংখ্যক আলোচনা

ভাৰত-চীন সীমান্ত অঞ্চলত উত্তেজনা অব্যাহত থকাৰ মাজতে দুয়োপক্ষৰ মাজত আলোচনা চলি আছে । ভাৰত-চীন সীমান্ত পৰিক্ৰমাৰ ওপৰত পৰামৰ্শ আৰু সমন্বয়ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে চতুৰ্দশ সংখ্যক আলোচনা ।

কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ

দেশজুৰি অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দেশৰ স্বাধীনতা সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীক সমালোচনা কৰিছে বহুতে । ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ।

Skin-to-skin contact: বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

যৌন নিৰ্যাতন সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে(Bombay High Court) প্ৰদান কৰা ৰায় বৃহস্পতিবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court) । বোম্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে, অভিযুক্তই নিৰ্যাতিতাৰ শৰীৰত স্পৰ্শ কৰিলেহে POCSO আইনৰ অধীনত যৌন নিৰ্যাতন হোৱা বুলি বিবেচনা কৰা হ'ব । অন্যথা এনে কাৰ্যক নিৰ্যাতন বুলি গণ্য কৰা নহয় ।

যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী Preity Zinta

Surrogacy পদ্ধতিৰে যমজ সন্তানৰ মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টা(Preity Zinta) ৷ যমজ সন্তানৰ ল’ৰা সন্তানটিৰ নাম ‘জয়’ আৰু কন্যা সন্তানটিৰ নাম ৰাখিলে ‘জিয়া’ ৷ এই সুখবৰটি ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে দম্পতীটোৱে ৷

CM in Majuli: মাজুলীত পাঁচখন বিচনা যুক্ত ICU কক্ষ উদ্বোধন ড৹ শৰ্মাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মাজুলীত উপস্থিত হৈ মাজুলীবাসীৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা আছিল মাজুলীৰ চিকিৎসালয়ত আই চি ইউৰ সুবিধা নথকা বিষয়টো । মাজুলীৰ ৰাইজৰ সুবিধাৰ্থে মাজুলী জিলা চিকিৎসালয়ত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পাঁচখন বিচনা যুক্ত ICU কক্ষ বৃহস্পতিবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই সুবিধাৰ ফলত মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি আশাবাদী মাজুলীবাসী ।

আলফা চৰকাৰৰ আলোচনাত কি ভূমিকা ল’ব শৃংখল চলিহাই ?

পুনৰ প্ৰাণ পাই উঠিছে আলফা আৰু চৰকাৰৰ আলোচনাৰ বিষয়টোৱে ৷ এনে সময়তে, পাঁচ গৰাকীকৈ অসম জীয়ৰীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰে উত্তাল কৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ এই সময়তে আলফাৰ সভাপতি পৰেশ অসমক আলোচনালৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই কৰিলে বিশেষ মন্তব্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.