1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 25, 2022, 1:12 PM IST

TOP 10 AT 1PM

1 বজাৰ শীৰ্ষ 10টা বাতৰি

Texas school shooting : আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত ১৮ গৰাকী শিক্ষাৰ্থী

টেক্সাছৰ প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত (Gunman miscreants attack at Robb Elementary School)। নিহত ১৮ গৰাকী শিশু । ইতিমধ্যে বন্দুকধাৰী দুৰ্বৃত্তকো আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে ।

Mob torches Batadrava police station case: বটদ্ৰৱা কাণ্ডৰে জড়িত আৰু দুই অভিযুক্ত আৰক্ষীৰ জালত

পুনৰ আৰক্ষীৰ জালত বটদ্ৰৱা কাণ্ডৰ দুই অভিযুক্ত(Two accused involved in Batadrava incident detained) ৷ বটদ্ৰৱা থানা জ্বলাই দিয়া(Mob torches Batadrava police station case) ৰ ঘটনাত জড়িত আছিল অভিযুক্ত দুজন ৷ এই ঘটনাত জড়িত 34 জন অপৰাধীক চিনাক্ত কৰিছে নগাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে লাভ কৰা ভিডিঅ’ ফুটেজৰ ভিত্তিতে অপৰাধীক চিনাক্ত কৰি আটক কৰা হৈছে ৷ মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে আটক কৰা অভিযুক্ত দুজন হৈছে ক্ৰমে মজিবুৰ ৰহমান আৰু আশ্ৰফুল ইছলাম ৷

Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

যোৱা দুটা দিনত হোৱা ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ যাত্ৰা(Snowfall in Kedarnath) ৷ বুধবাৰৰ পুৱাৰে পৰা পুনৰ মুকলি কৰা হৈছে কেদাৰনাথ যাত্ৰা ৷ অৱশ্যে বৰষুণ আৰু তুষাৰপাত পাছত কেদাৰনাথ ধাম আৰু ইয়াৰ চাৰিওফালৰ এলেকাত হ্ৰাস পাইছে তাপমাত্ৰা । মন্দিৰৰ চাৰিওফালৰ শৃংগবোৰত দেখা গৈছে বৰফৰ বগা আচ্ছাদন(Kedarnath Dham peaks covered with snow ) ।

অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কামৰুজ

নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজ জামান সৰকাৰ নামৰ এজন যুৱকে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷ অনুজ্ঞাপত্ৰ অবিহনেই কামৰুজে নিজৰ সৈতে লৈ ফুৰিছিল এটা .23 পিষ্টল ৷ মঙলবাৰে এই পিষ্টলটো(Illegal weapons seized in Nagaon SP office) ৰ সৈতে কামৰুজে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলতে আৰক্ষীয়ে তেওঁক প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে (One person arrested with illegal weapons in Nagaon SP Office) ৷

আছুক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা গেৰুৱা দল বিজেপিৰ : ডিব্ৰুগড় আছু

ডিব্ৰুগড়ত আছুৰ সংবাদমেল(AASU Press meet held in Dibrugarh) অনুষ্ঠিত ৷ সংবাদমেলখন সম্বোধন কৰি গেৰুৱা দল বিজেপি আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে আছু নেতৃবৰ্গই (Allegations against BJP and Assam government) ৷ অভিযোগ অনুসৰি, সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি ৷

চাহ শ্ৰমিকৰ সুবিধাৰ বাবে বিধায়ক ৰণজিৎ দত্তই প্ৰদান কৰিলে এম্বুলেঞ্চ

বিহালী চাহ বাগিছাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি উন্নত চিকিৎসাৰ বাবে দূৰণিলৈ যাবলৈ পৰ্যাপ্ত সুবিধা পোৱা নাছিল । যাৰ বাবে স্থানীয় বিধায়ক ৰণজিৎ দত্তই তেওঁলোকৰ এই সমস্যা সমাধানৰ বাবে বিধায়ক পুঁজিৰ ধনেৰে বাগিছা কৰ্তৃপক্ষক প্ৰদান কৰিলে এখন এম্বুলেঞ্চ (MLA Ranjit Dutta distributes ambulance in Behali)। এতিয়াৰে পৰা শ্ৰমিকসকলে গুৱাহাটী, তেজপুৰ আদিলৈ উন্নত চিকিৎসাৰ বাবে অতি সহজে যাব পাৰিব । এম্বুলেঞ্চ প্ৰদান কৰাৰ লগে লগে বাগিছাখনত আনন্দমুখৰ পৰিৱেশ ।

বান বিধস্ত জোনাইৰ কবু চাপৰি: মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বান-খহনীয়া পৰিদৰ্শন

ৰাজ্যৰ বান পৰিস্থিতি কিছু অৱনমিত হৈছে (Flood in Assam 2022) ৷ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ৷ সোমবাৰে বানে ধোঁৱা জোনাইৰ নদীদ্বীপ স্বৰূপ কবু চাপৰি পৰিদৰ্শন কৰে জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰা আৰু বনাঞ্চলিক বিষয়া মুকুত ৰাভাৰ লগতে কেইবাগৰাকীও চৰকাৰী বিষয়াই ৷

শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত এখন জাকতজিলিকা বিদ্যালয় হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়(Sivasagar Govt HS & MP School) ৷ য’ৰ পৰা উত্তীৰ্ণ 14 গৰাকীকৈ ছাত্ৰই অসম সাহিত্য সভাৰ দৰে এটা আগশাৰীৰ অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ বুধবাৰে এইখন বিদ্যালয়তে উপস্থিত হয় বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(Bhaskarjyoti Mahanta visits Sivasagar Govt HS & MP School) ৷ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে নহয়, বৰং বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ বৰ্হি মূল্যায়ক ৰূপেহে মহন্তই বিদ্যালয়খনত উপস্থিত হয় ৷

Pistol recovered at Amguri: পিষ্টল-সজীৱ গুলীৰে সৈতে আমগুৰিত আটক যুৱক

আমগুৰিত এটা .32 পিষ্টলৰ সৈতে আটক এজন যুৱক(One arrested with pistol at Amguri in Sivasagar) ৷ চণ্টকস্থিত ১২ আসাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই আমগুৰি থানাৰ সন্মুখত মঙলবাৰে আটক কৰে যুৱকজনক ৷ অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা পিষ্টলটো(Pistol recovered at Amguri) ৰ লগতে জব্দ কৰে 5 জাঁই .32 পিষ্টলৰ সজীৱ গুলী আৰু এটা ম’বাইল হেণ্ডছেট ৷ দলটোৱে আটক কৰা যুৱকজন ডিমাপুৰৰ চামাগুৰিৰ ৰমেশ ৰায় বুলি জানিব পৰা গৈছে ৷ আমগুৰি ৰে’ল ষ্টেচনৰ পৰা যোৰহাটলৈ বুলি যোৱাৰ পথতে যুৱকজনক আটক কৰে অভিযানকাৰী দলটোৱে ৷

Tragic incident in Barpeta Road: পাপৰ ফেক্টৰীৰ মেচিনত সোমাই নিহত শ্ৰমিক

বাক্সাৰ জাখলিবিল পাথাৰৰ কৃষ্ণনগৰস্থিত "মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ" নামৰ পাপৰ বনোৱা এটা ফেক্টৰীত মঙলবাৰে এগৰাকী শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মেচিনৰ ভিতৰত সোমাই কৰুণ মৃত্যু হয়(Labour death in papad making industry) ৷ নিহত শ্ৰমিকজন বাক্সাৰ লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মণৰ পুত্ৰ মাণিক বৰ্মন বুলি জানিব পৰা গৈছে ৷ বিমল সাহা নামৰ ব্যৱসায়ীজনৰ পাপৰৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থকা সময়তে হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই অকাল মৃত্যুক আকোঁৱালি লয় মাণিক বৰ্মন নামৰ যুৱকজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.