1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Mar 10, 2022, 1:10 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি

UP Assembly Election 2022 : কেইবাখনো জিলাত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা

আজি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন । চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰাজ্যখনৰ 17 খন জিলাত ফলাফল ঘোষণাৰ অন্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে (alert regarding violence in UP) ৷ বিশেষকৈ পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত এনেধৰণৰ বিক্ষিপ্তমূলক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক ৷ যাৰ ভিতৰত আছে কানপুৰ, আজমগড় আদি ।

Uttarakhand Election Result 2022: এইবাৰ কাৰ দখলত উত্তৰাখণ্ড ?

কাৰ দখললৈ যাব উত্তৰাখণ্ড... কোন দলে উত্তৰাখণ্ডত গঠন কৰিব চৰকাৰ ৷ আজি স্পষ্ট হ'ব উত্তৰাখণ্ডৰ ভাগ্য...

Punjab Election Results Updates : পঞ্জাৱত এক প্ৰকাৰে বিধস্ত কংগ্ৰেছ

ইতিমধ্যে আৰম্ভ হৈছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Punjab Election Results 2022) ৷ পঞ্জাৱত 117 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে 1304 গৰাকী প্ৰাৰ্থীয়ে ৷ তথ্য অনুসৰি, পঞ্জাৱৰ পাঠানক’টত বিজেপি প্ৰাৰ্থী অশ্বনী শৰ্মা আৰু কাপুৰথালাত কংগ্ৰেছৰ ৰাণা গুৰজিৎ সিঙে বিজয় ধ্বজ্জা উৰুৱাবৱৈ সক্ষম হৈছে ৷

Majuli By Election Results 2022 : নিৰ্বাচনী যুঁজ মসৃণ নহ’ল চিত্তৰঞ্জন বসুমতাৰীৰ

মাজুলীৰ উপ নিৰ্বাচনৰ একাদশ ৰাউণ্ডৰ ফলাফল (Majuli By Election Results 2022) অনুসৰি, বিজেপি প্ৰাৰ্থী ভূৱন গাম চিত্তৰঞ্জন বসুমতাৰীতকৈ প্ৰায় 32,007 টা ভোটত আগবাঢ়ি আছে ৷ একাদশ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছে 50,146 টা ভোট, এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে 18,139 টা ভোট, বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে 1,755 টা ভোট ৷

Goa election result: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ধৰ্মেশ চাগলানীতকৈ সামান্য ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে

পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে 5 ৰাজ্য ক্ৰমে পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ গোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ (Goa election result) প্ৰথম পৰ্যায়ৰ অন্তত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে দক্ষিণ গোৱাৰ চাংকেলিম সমষ্টিত প্ৰথম পৰ্যায়ৰ গণনাৰ শেষত তেওঁৰ প্ৰতিদ্বন্দী ধৰ্মেশ চাগলানীতকৈ ৪৩৬ টা ভোটত পিছপৰি আছিল ৷

আমেৰিকাৰ সতৰ্কবাণী :ৰাছিয়াই ইউক্ৰেইনত ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine War) দুসপ্তাহ অতিক্ৰম কৰিলে । এইবাৰ ৰাছিয়াই আন এক কৌশল অৱলম্বন কৰিছে । ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক তথা পাৰমাণৱিক আক্ৰমণৰ অজুহাত বিচাৰি ফুৰিছে ৰাছিয়াই । আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ববাসীক সতৰ্ক কৰি দিছে ।

Bakaliaghat Press Club: বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন

বৰ্ণাঢ্য কাৰ্যসূচীৰে বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন (Bakaliaghat Press Club biennial conference) ৷ অধিৱেশনত অংশগ্ৰহণ কৰি সাংবাদিকসকলৰ ব্যক্তিগত আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ৷

UP Assembly Election 2022 : উত্তৰ প্ৰদেশত অধিকাংশ আসনতে বিজেপিৰ অগ্ৰগতি

ইতিমধ্যে আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন 2022 (UP Assembly Election 2022) ৰ ভোটগণনা । শেহতীয়া তথ্য অনুসৰি, উত্তৰ প্ৰদেশত 270 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৷ তাৰ পিছতে দ্বিতীয় স্থানত আছে সমাজবাদী পাৰ্টী চমুকৈ চপা ৷ দলটোৱে 117 খন আসনত অগ্ৰগতি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বিএছপিয়ে 7 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

Uttarakhand Election Result 2022: ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ

উত্তৰাখণ্ডত নিৰ্বাচন নিৰপেক্ষতাক লৈ প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি চিচিটিভি কেমেৰা এতিয়ালৈ তিনিবাৰ বন্ধ কৰাৰ অভিযোগ কৰে ৷

পৌৰ নিৰ্বাচনৰ দুটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ জয় : অৰবিন্দ কেজৰিৱালৰ শুভেচ্ছা

প্ৰথমবাৰৰ বাবে অসমত আপৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল (AAP won in Assam municipal election)। তিনিচুকীয়া আৰু লখিমপুৰ পৌৰসভাত এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে আপে । আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে টুইটাৰৰ জৰিয়তে দুইগৰাকী বিজয়ী প্ৰাৰ্থীক জনালে শুভেচ্ছা ।

কাৰাবন্দী মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ

ৰাজকন্যা বৰুৱা(Model Rajkanya Baruah) জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যাৰ জামিন (Rajkanya Baruah granted bail) । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.