11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 26, 2022, 10:58 AM IST

TOP 10 @ 11 AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam Gaurav Hemaprabha Chutia: অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক মৰাণত উষ্ম আদৰণি

শেহতীয়াকৈ অসম চৰকাৰে মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াক প্ৰদান কৰিছে অসম গৌৰৱ বঁটা (Assam Gaurav Award to Hemaprabha Chutia)। বঁটা গ্ৰহণ কৰি মৰাণৰ নিজ বাসগৃহত উপস্থিত হেমপ্ৰভা চুতীয়া । বিভিন্ন দল-সংগঠন, ৰাইজে উষ্ম আদৰণি জনালে অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক ।

BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

ত্ৰিপুৰাৰ সীমান্তত ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য, চোৰাং গৰু সৰবৰাহকাৰী আদিৰ বিৰুদ্ধে বিএছএফৰ অভিযান অব্যাহত আছে (BSF forces raid in Tripura border)। ২০২১ চনত বিএছএফয়ে ত্ৰিপুৰা সীমান্তত প্ৰায় ৩৫.৬৪ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ২২১ গৰাকী লোকক আটক কৰিছে বিএছএফয়ে ।

Padma awards announced: চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা । গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা (Padma awards announced) ৷ দেশৰ চাৰিগৰাকী লোকক এইবাৰ পদ্মবিভূষণ সন্মানেৰে সম্মানিত কৰা হৈছে (4 padma vibhushan)। কলাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে মিছ প্ৰভা আত্ৰেক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে । সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাধেশ্যাম খেমকালৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণৰ সন্মান । প্ৰয়াত সেনা বিষয়া জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব পদ্মবিভূষণ । জেনেৰেল ৰাৱাট আছিল ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়ক ।

Republic day 2022 : দিল্লীৰ ৰাজপথত নাথাকিব অসমৰ প্ৰতীকপট

গণৰাজ্য দিৱসৰ পেৰেডত অসমে বীৰাংগনা কনকলতা বৰুৱাক মুখ্য কৰি স্বাধীনতা আন্দোলনত অসম আৰু অসমীয়াৰ পটভূমি উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছিল যদিও চৰকাৰৰ উদাসীনতাৰ বাবেই প্ৰদর্শনত ব্যর্থ হ’ল অসমৰ প্ৰতীকপট (The tableaux of assam in Republic Day) ৷ প্ৰয়োজনীয় প্ৰায় ৫০ লাখ টকাৰ পুঁজি বিত্ত বিভাগে মোকলাই দিব নোৱৰাৰ বাবেই সময় মতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ওচৰত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰাত ব্যর্থ হয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ ৷

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

অসম সন্তান তথা ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷

মোৰ শাসন কালত পুলিচ-মিলিটাৰীৰাজ চলিবই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘‘নিৰীহ জনতাৰ কাৰণে আৰক্ষী সাৰথি হ’ব লাগিব । অপৰাধীৰ কাৰণে ভয়ৰ কাৰণ হ’ব লাগিব আৰক্ষী । মোৰ শাসনকালত পুলিচ মিলিটাৰীৰাজ চলিব । জুই জ্বলিছে জ্বলিবই, চলিছে চলিবই’’- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (In my reign there will be police military raj, says cm Himanta Biswa Sarma)।

Encounters in Assam: ভূৱা এনকাউণ্টাৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ

ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙ্গলবাৰে গ্ৰহণ কৰা শুনানীত ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰাত ব্যৰ্থ হয় (Assam govt fails to submit affidavit on encounters in HC) ৷

Allegation against AMC: অক্সিজেনৰ অভাৱত মৃত্যু হোৱা শিশুৰ মৃতদেহ দিলে অন্য অভিভাৱকক

কেনেদৰে চলিছে অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ চিকিৎসা (Allegation against AMC) ? ক’ভিডত আক্ৰান্ত এটি তিনিমহীয়া কণমানিক চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱাৰ পিছতে পোহৰলৈ আহিছে দুখলগা ছবিখন ৷ চিকিৎসা লাভ কৰাটো দূৰৈৰ কথা, মৃতদেহো হয় সাল-সলনি ৷

National Voters Day: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত উৎকৃষ্ট নিৰ্বাচনী সেৱাৰ বাৰ্ষিক ৰাজ্যিক বঁটা ২০২১ বিভিন্ন পর্যায়ত ২৭ জন ব্যক্তিক প্ৰদান কৰা হয় (National Voters Day celebrated at ITA Machkhowa on Tuesday) । তদানীন্তন অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া বিনোদ ছেচানক বিশেষ ৰাজ্যিক বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । ভোটাৰসকলক উদ্দেশ্যি শপত বাক্য পাঠ কৰোৱা হয় ।

কাজিৰঙাত এনকাউন্টাৰ : আহত চোৰাং চিকাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰি নিবাসী নবীৰ হুছেইন(32) নামৰ এটা চোৰাং চিকাৰী আৰক্ষীৰ গুলিত আহত হয় । চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ যাওঁতে এজন আৰক্ষী জোৱানো আহত হয় । আহত আৰক্ষী জোৱানজনৰ নাম দিব্যজ্যোতি হাজৰিকা । আহত দুজনক কঁহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.