1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 23, 2022, 1:00 PM IST

Top 10 @ 1 pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

125th birth anniversary of Netaji : স্বাধীনতা সংগ্ৰামী নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী (Birth anniversary of Netaji Subhas Chandra Bose) । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে পৰাক্ৰম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Beltala Murder Case : বেলতলা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল আৰক্ষীৰ

বিগত অক্টোবৰ মাহত সংঘটিত বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ প্ৰায় চাৰি পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে (Dispur police filed charge sheet on Beltala Murder Case) ৷ এই অভিযোগনামাত লোমহৰ্ষক হত্যাকাণ্ডটোৰ (Beltala Murder Case) কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে ৷

Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ ৷ একমাত্ৰ তালাচীৰ নামত নগাঁও আৰক্ষী শনিবাৰে নিশা গুলীয়াই আহত কৰিছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰ নেতাগৰাকীক (Student leader shot by police in Nagaon) ৷ তাৰ পৰিপ্ৰেক্ষিততে বিধায়ক গৰাকী সৰৱ হৈ পৰে ৷

ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি : বিধায়ক জয়ন্ত মল্ল বৰুৱা

ফোন টেপিং সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Malla Baruah react on phone tapping issue) ৷ নলবাৰী চহৰস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ICU কক্ষৰ উদ্বোধন (ICU beds inaugurated at Swahid Mukunda Kakati Civil Hospital) কৰাৰ পাচতেই ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

Covid 19 update in India : দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যা সামান্য হ্ৰাস

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 78,840 গৰাকী লোক (New covid cases in India) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

Covid 19 Update in Assam : কামৰূপ(ম) ত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্তৰ সংখ্যা (Corona Cases increase day by day in Assam) ৷ বিগত 24 ঘণ্টাত অসমত নতুনকৈ 5580 গৰাকী লোক কৰ’ণাত আক্ৰান্ত (5580 people newly tested Covid positive in Assam) হৈছে ৷ আক্ৰান্তসকলৰ অধিকাংশই কৰ’ণাৰ তৃতীয় প্ৰবাহ অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ধাৰণা কৰা হৈছে ৷ সৰ্বমুঠ আক্ৰান্তৰ হাৰ হৈছে 12.16 শতাংশ ৷

তিতাবৰত পাঁচ লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

যোৰহাটৰ তিতাবৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান (Anti durgs operation of Titabar Police) ৷ গোলাঘাট দিশৰ পৰা অহা AS 04 D 1619 নম্বৰৰ এখন Zen বাহনত সৰবৰাহকাৰীয়ে প্ৰায় 10 টাকৈ চাবোনৰ বাকচত লুকুৱাই আনিছিল নিচাযুক্ত সামগ্ৰীখিনি ৷ ড্ৰাগছ বিৰোধী এই অভিযানটোৰ নেতৃত্ব বহন কৰিছিল মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নমণি সিনহাই ৷

কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

বিগত 10 দিনত হোজাই জিলাত সৰ্বাধিক 791 জন লোক ক'ভিডত আক্ৰান্ত (Covid caese in Hojai) হোৱাৰ বিপৰীতে কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kaki Senior Secondary School declared as Containment Zone) কৰিছে ।

কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলঙৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী (Weapons including explosives recovered) ৷ কাৰ্বি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কাৰ্বি আংলং ৷ দুই পাৰ্বত্য জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি অহাৰ সময়তে পুণৰ এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয় : ভূপেন বৰা

কংগ্ৰেছৰ উদ্যোগত বিশেষ আলোচনা সভা (APCC interaction with civil society activities, Prominent intellectuals) । মেঘালয়ক নিজৰ খেয়ালখুচিত মাটি এৰি দিয়াৰ অসম চৰকাৰৰ সিদ্ধান্তক ধিক্কাৰ বুদ্ধিজীৱী, আইনজ্ঞ, লিখক সমাজৰ । অসম চৰকাৰৰ এই আত্মসমৰ্পণ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.