প্ৰচণ্ড ধুমুহাত পশ্চিম কাৰ্বি আংলংত বিস্তৰ ক্ষতিসাধন

author img

By

Published : May 9, 2021, 9:02 PM IST

strom-hit-west-karbi-anglong

পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তব টুম্প্ৰেং এলেকাত প্ৰচণ্ড ধুমুহা ৷ প্ৰচণ্ড ধুমুহাই বৃহত্তৰ টুম্প্ৰেং এলেকাৰ টুম্প্ৰেং বজাৰ, বালিগাঁও, হাতীমাৰা, সাতগাঁও, ডংকা, কাৰ্বি ৰংচপী, হাতীমাৰা তৰাডুবি, মুগাছৎ আদি এলেকা সামৰি সমগ্ৰ অঞ্চলটোত ধ্বংসলীলা চলাই ৷

ডিফু, ৯ মে': পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তব টুম্প্ৰেং এলেকাত অহা এক প্ৰচণ্ড ধুমুহাত এলেকাটোৰ বিস্তৰ ক্ষতিসাধন হয় । দেওবাৰে বিয়লি প্ৰায় এক বজাত অকস্মাতে অহা এজাক প্ৰচণ্ড ধুমুহাই বৃহত্তৰ টুম্প্ৰেং এলেকাৰ টুম্প্ৰেং বজাৰ, বালিগাঁও, হাতীমাৰা, সাতগাঁও, ডংকা, কাৰ্বি ৰংচপী, হাতীমাৰা তৰাডুবি, মুগাছৎ আদি এলেকা সামৰি সমগ্ৰ অঞ্চলটোত ধ্বংসলীলা চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷

ধুমুহাজাকৰ ফলত এলেকাটোৰ ভালেসংখ্যক প্ৰকাণ্ড গছ পথৰ ওপৰতে বাগৰি পৰাৰ উপৰিও আবাসগৃহ সমূহৰো বিস্তৰ ক্ষতিসাধন হয় ৷ ধুমুহাজাকৰ ফলত টুম্প্ৰেং বজাৰৰ পথৰ ওপৰত তথা দলঙৰ সমীপতে দুজোপা প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ অৱশ্যে, স্থানীয় লোকসকলে তৎপৰতাৰে পথৰ ওপৰৰ পৰা গছকেইডাল আঁতৰাই পথ মুকলি কৰে ৷ ধুমুহাজাকৰ ফলত ভালেসংখ্যক ঘৰৰ মুধচ পর্যন্ত উৰুৱাই নিয়াৰ খবৰ পোৱা গৈছে ৷

strom-hit-west-karbi-anglong
প্ৰচণ্ড ধুমুহাত পশ্চিম কাৰ্বি আংলংত বিস্তৰ ক্ষতিসাধন

ইফালে ধুমুহাজাকৰ লগতে অহা প্ৰৱল বৰষুণৰ ফলত ভুক্তভোগী ৰাইজৰ দুৰ্দশা দুগুণে বৃদ্ধি পায় ৷ গছ-বন ধুমুহাই উৰুৱাই নিয়াৰ ফলত বনৰীয়া পশু পক্ষীকূলো দুর্দশাৰ সন্মুখীন হয় ৷ এইপৰ্যন্ত ধুমুহাজাকৰ পৰা হোৱা ক্ষয়-ক্ষতি সঠিক পৰিমাণে জানিব পৰা হোৱা নাই ৷ প্ৰচণ্ড ধুমুহাজাকৰ ফলতে অঞ্চলটেৰ ভালেমান স্থানত বৈদ্যুতিক তাঁৰসমূহ ছিঙি পৰাৰ ফলস্বৰূপে বৃহত্তৰ এলেকাটোত বিদ্যুৎ যাোগান বন্ধ হৈ পৰে ৷

লগতে পঢ়ক : 'ফ'ৰ গুড ডেইজ' সন্দৰ্ভত গ্লেন ক্লোজ আৰু মিলা কুনিছৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.