জনাঞ্চলত পৰি ৰৈছে আঘাতপ্ৰাপ্ত বনৰীয়া হাতী

author img

By

Published : Jun 15, 2020, 1:45 PM IST

West Karbi anglong

বন কৰ্মীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা হাতীটো প্ৰায় ৫-৬ বছৰীয়া মাইকী হাতী ।

পশ্চিম কাৰ্বি আংলং, 15 জুনঃ পশ্চিম কাৰ্বি আংলঙৰ খান্দাজান অঞ্চলত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটা বনৰীয়া হাতী । ডংকামোকাম বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত খান্দাজানৰ ফাৰচে-আলিৰ পৰা উদ্ধাৰ হয় হাতীটো । আনহাতে, উদ্ধাৰ হোৱা হাতীটো প্ৰায় ৫-৬ বছৰীয়া মাইকী হাতী বুলি জানিবলৈ দিয়ে বন কৰ্মীয়ে । উল্লেখ্য যে, হাতীটোৰ পিছফালৰ সোঁ-ভৰিত আঘাতৰ চিন স্পষ্ট যাৰ ফলত পুৱাৰে পৰা মাটিত পৰি আছে হাতীটো । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ডংকামোকাম আৰু খেৰণি বন বিভাগৰ লোকৰ লগতে পশু চিকিৎসক ৷

লগতে পঢ়কঃ বানে উটুৱাই নিয়া এখন দলঙে জীয়াতু ভুগাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.