ডিফুত ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা

author img

By

Published : Jul 18, 2019, 1:34 PM IST

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধানে ডিফুৰ নৱনিৰ্মিত কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা নক্ আউট পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলত ছিকিম একাদশৰ হাতত ত্ৰিপুৰা একাদশ 2-1 গ'লত পৰাজয় বৰণ কৰে ৷

ডিফু, 18 জুলাইঃ ডিফুত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ 19 বছৰ অনুৰ্দ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত উদ্ধোধনী খেলত ছিকিম একাদশে ত্ৰিপুৰা একাদশক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধানে ডিফুৰ নৱনিৰ্মিত কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা নক্ আউট পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্ধন্ধিতা মূলক খেলত ছিকিম একাদশৰ হাতত ত্ৰিপুৰা একাদশ 2-1 গ'লত পৰাজয় বৰণ কৰে ৷ প্ৰথমাৰ্ধৰ 4 মিনিট লক্ষ্মী থাতালে ত্ৰিপুৰাৰ গ'ল ৰক্ষকক পৰাভূত কৰি 1 গ'ল দি দলক 1-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷ ইয়াৰ পিছত ত্ৰিপুৰা একাদশে সমতা স্থাপন কৰিব নোৱাৰিলে যদিও দ্বিতীয়াৰ্ধৰ খেল সমাপ্তি হ'বলৈ কিছুপূৰ্বে 44 মিনিট ছিকিম এক গ' ল দি সমতা স্থাপন কৰে ৷ ইয়াৰ ক্ষন্তেক পাচতে প্ৰতিযোগিতাৰ অতিৰিক্ত সময়ৰ 2 ছেকেণ্ডত ছিকিম একাদশৰ কৰিশ্মা ৰয়ে ত্ৰিপুৰা একাদশক দ্বিতীয়টো গ' ল দি জয়লাভ কৰে ৷

ডিফুত ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা

খেলখন পৰিচালনা কৰে ডকমকাৰ বল'ন টকবিপীয়ে ৷ লগতে তেওঁক সহায় কৰে লাংহিনৰ টিনা বসুমতাৰী আৰু হানজাংলাংছৰ লক্ষী কিলিংপীয়ে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে হামৰেণৰ ভেৰ'ণিকা টিচ'পীয়ে ৷ শুকুৰবাৰে অনুশষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা বাকী থকা খেল সমূহত পুৱাৰ পৰাই নক পৰ্যায়ত খেলোৱা হ'ব ৷ আনহাতে, প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ অসম, ত্ৰিপুৰা ,মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল মিজোৰাম আৰু ছিকিমে অংশ গ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাৰ ছেমিফাইনেল ক'হিমাত খেলোৱা হ'ব ৷ আনহাতে বৰ্ণাঢ্য কাৰ্যসূচীলৈ আয়োজন কৰা উদ্বোধনী প্ৰতিযোগিতা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাইফলছৰ মেজৰ জেনেৰেল পিচি নায়াৰ ৷ উদ্ধোধনী প্ৰতিযোগিতা খনত কাৰবি কালচাৰেল ট্ৰুপ আৰু মনোমোহা নৃত্য আৰু আসম ৰাইফলৰ মিউজিকেল বেণ্ডে উপস্থিত দৰ্শকক আপ্লুত কৰে ৷

Intro:ডিফুত উত্তৰ- পূৰ্বাঞ্চল ৰাজ্যৰ ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা ২০১৯ ৷

*************************
উদ্ধোধনী খেলত ছিকিমৰ হাতত ত্ৰিপুৰা ২-১ গ'ল ৰ ব্যৱধানত পৰাজিত ৷

ডিফু, ১৭ জুলাই: আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হোৱা উত্তৰ - পূৰ্বাঞ্চল ৰাজ্যৰ ১৯ বছৰ অনুৰ্দ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী খেলত ছিকিম একাদশে ত্ৰিপুৰা একাদশক ২- ১ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধানে ডিফুৰ নৱনিৰ্মিত কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা নক্ আউট পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্ধন্ধিতা মূলক খেলত ছিকিম একাদশৰ হাতত ত্ৰিপুৰা একাদশ ২- ১ গ' লত পৰাজয় বৰণ কৰে ৷ প্ৰথমাৰ্দ্ধৰ ৮ মিনিট ৫ ছেকেণ্ডত ছিকিমৰ হৈ ৭ নম্বৰ জাৰ্ছীৰ লক্ষ্মী থাতালে ত্ৰিপুৰা গলৰক্ষাকক পৰাভূত কৰি ১ গ'ল দি দলক ১- ০ ৰ অগ্ৰগতি প্ৰদান কৰে ৷ ইয়াৰ পিছত ত্ৰিপুৰা একাদশে সমতা স্থাপন কৰিব নোৱাৰিলে যদিও দ্বিতীয়াৰ্দ্ধৰ খেল সমাপ্তি হবলৈ কিছুপূৰ্বে ৮৮ মিনিট ৯ ছেকেণ্ডত ছিকিম এক গ' ল দি সমতা স্থাপন কৰে ৷ ইয়াৰ ক্ষন্তেক পিছতে প্ৰতিযোগিতাৰ অতিৰিক্ত সময়ৰ ২ ছেকেণ্ডতে ছিকিম একাদশৰ ৩ নং জাৰ্ছীৰ কৰিশ্মা ৰয়ে ত্ৰিপুৰা একাদশক দ্বিতীয়টো গ' ল দি দলক প্ৰথম বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হয় ৷ আজিৰ খেলখন পৰিচালনা কৰে ডকমকাৰ বল'ন টকবিপীয়ে, তেওঁক লাইনত সহায় কৰে ক্ৰমে, লাংহিনৰ টিনা বসুমতাৰী আৰু হানজাংলাংছৰ লক্ষী কিলিংপীয়ে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে হামৰেণৰ ভেৰ'ণিকা টিচ'পীয়ে ৷কাইলৈ প্ৰতিযোগিতা বাকী থকা খেল সমূহত পুৱাৰ পৰাই নক পৰ্যায়ত খেলোৱা হব ৷ প্ৰতিযোগিতা খনত উত্তৰ- পূৰ্বাঞ্চল ৰাজ্যৰ অসম, ত্ৰিপুৰা ,মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল মিজোৰাম আৰু ছিকিমে অংশ গ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাৰ ছেমিফাইনেল ক' হিমাত খেলোৱা হব৷ আনহাতে বৰ্ণাঢ্য কাৰ্যসূচীলৈ আয়োজন কৰা উদ্বোধনী প্ৰতিযোগিতা খনত মুখ্য অতিথি হিছাপে উপস্থিত থাকে অসম ৰাইফলছৰ মেজৰ জেনেৰেল পিচি নায়াৰ ৷ উদ্ধোধনী প্ৰতিযোগিতা খনত কাৰবি কালচাৰেল ট্ৰুপ আৰু মনোমোহা নৃত্য আৰু আসম ৰাইফলৰ মিউজিকেল বেণ্ডে উপস্থিত দৰ্শকক আপ্লুত কৰে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*************Conclusion:*************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.