MMDC আৰু KACC মাজত ডিফুত বুজাবুজি চুক্তি সম্পন্ন

author img

By

Published : Sep 2, 2022, 10:36 PM IST

Mou signed between assam mines and mineral corporation ltd and kaac authority

খনি আৰু খনিজাত সামগ্ৰী উন্নয়ন নিগম (Assam mines and mineral corporation ltd) আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মাজত ডিফুত বুজাবুজি চুক্তি সম্পন্ন (Mou signed in Diphu) ৷ 60 আৰু 40 শতাংশৰ অনুপাতে সংগ্ৰহ কৰা হ’ব ৰাজহ ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

ডিফু,2 ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ SOP অনুসৰি শুকুৰবাৰে অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰীৰ উন্নয়ন নিগম আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মাজত ডিফু বৃক্ষ আৰু উদ্যান কেন্দ্ৰত এক বুজাবুজি চুক্তি সম্পন্ন হয় (Mou signed in Diphu) ৷ অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰী (Assam mines and mineral corporation ltd) আৰু শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ উপস্থিতিত সম্পন্ন হয় উক্ত চুক্তি ।

MMDC আৰু KACC মাজত ডিফুত বুজাবুজি চুক্তি সম্পন্ন

আনকি ইয়াৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সমবায় সমিতি আৰু শক্তি বিভাগৰ বিষয়া কৰ্মীসকলৰ মাজত এক পুনৰীক্ষণ বৈঠকৰো আয়োজন কৰা হয় (Mou signed between assam MMDC and KACC authority)। এই বৈঠকৰ অধ্যক্ষতা কৰে ড৹ তুলিৰাম ৰংহাঙে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ড৹ তুলিৰাম ৰংহাঙে কয় যে, উক্ত বুজাবুজি চুক্তিৰ ফলত কাৰ্বি আংলঙে 60% শতাংশ আৰু ৰাজ্য চৰকাৰে 40% ৰাজহ লাভ কৰিব ৷

ক্ৰমান্বয়ে জিলাখনে 70% পৰা 90% লৈকে খনি আৰু খনিজাত সামগ্ৰীৰ বাবে ৰাজহ লাভ কৰিব ।

লগতে তেওঁ কয়, খনিজাত সামগ্ৰীৰ পৰা লাভ কৰা ৰাজহ কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশত খৰচ কৰা হ’ব ৷ আনহাতে জিলাখনৰ জৰীপ কৰা ঠাইসমূহৰ বিশেষ কৈ বনাঞ্চল ধ্বংস নোহোৱাকৈ খনিজাত সামগ্ৰীৰ খনন কাৰ্য (Mining of mineral products) চলোৱা হ’ব । কয়লাৰ লগতে গ্ৰেনাইড চুনশিল আদি খনন কাৰ্যৰ পৰা আহৰণ কৰা হ’ব বুলি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে, উক্ত কাৰ্যৰ লগত জড়িত এশ শতাংশ অদক্ষ শ্ৰমিকক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা নিযুক্তি প্ৰধান কৰা হ’ব বুলি মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে (Mou signed between assam MMDC and KACC authority) ৷

ইফালে খনিজাত আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই সংবাদ মাধ্যমৰ আগত কয় যে, জিলাখনৰ খনি আৰু খনিজাত সামগ্ৰিক লৈ হোৱা আজিৰ আলোচনা সফল হৈছে ৷ এই লৈ শুদ্ধ দিশত অগ্ৰসৰ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.