কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

author img

By

Published : Dec 27, 2020, 8:48 PM IST

কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

দেওবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম লৈ যোৱা হয় পশ্চিম কাৰ্বি আংলঙলৈ । দলীয় নেতা-কৰ্মী আৰু কেবা শতাধিক ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক । ধৰ্মীয় ৰীতি নীতিৰে খেৰণিৰ মাজেৰে বৈ যোৱা কঁপিলী নৈত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া হয় ।

কাৰ্বি আংলং , ২৭ ডিচেম্বৰ : অসমৰ ৰাজনীতিত ১৫ বছৰ একেৰাহে মুখ্য়মন্ত্ৰীৰ চকীত বহি এগৰাকী প্ৰভাৱশালী নেতা লগতে বিচক্ষণতাৰ পৰিচয় দিয়া প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্য়ুত শোকস্তব্ধ বহুজন । ৰাজ্য়বাসীৰ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীৰ চিতাভস্ম ৰাজ্য়ৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হয় ।

কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম
কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

দেওবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম লৈ যোৱা হয় পশ্চিম কাৰ্বি আংলঙলৈ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যজুৰি সদ্ভাৱনা যাত্ৰা নামেৰে হাতত লোৱা কাৰ্যসূচীৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । খেৰণিস্থিত মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰা আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক মৃণাল হাজৰিকা উপস্থিত থাকে ।

কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম
কঁপিলী নৈত বিসৰ্জন প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম

দলীয় নেতা-কৰ্মী আৰু কেবা শতাধিক ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক । তাৰ পাছতে ধৰ্মীয় ৰীতি নীতিৰে খেৰণিৰ মাজেৰে বৈ যোৱা কঁপিলী নৈত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দি প্ৰয়াত নেতাগৰাকীৰ আত্মাৰ চিৰ শান্তিৰ প্ৰাৰ্থনা কৰে দলীয় নেতা-কৰ্মীৰ লগতে উপস্থিত ৰাইজে ৷

লগতে পঢ়ক : অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গহপুৰৰ জলি দাসৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.