বাবৰি মছজিদ ধ্বংস হোৱা ২৭ বছৰৰ পিছতো শাস্তি নাপালে দোষীয়েঃ ডিফুত চিপিআই(এমএল) ৰ ধৰ্ণা

author img

By

Published : Dec 6, 2019, 11:59 PM IST

Updated : Dec 7, 2019, 5:37 AM IST

CPI (ml) protest at Diphu Chomchachaning Yangti Memorial Park

বাবৰি মছজিদৰ ধ্বংসকাৰীক শাস্তিৰ দাবীত ডিফুত চিপিআই(এমএল) ৰ ধৰ্ণা ৷ বাবৰি মছজিদ ধ্বংস হোৱা ২৭ বছৰৰ পিছতো উক্ত ঘটনাৰ সৈতে জড়তি থকা কোনো দোষীয়ে বৰ্তমানলৈ লাভ নকৰিলে শাস্তি ৷


ডিফু, 6 ডিচেম্বৰ : চিপিআই(এম এল) দলৰ উদ্যোগত ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বাবৰি মছজিদ ধ্বংস হোৱা ২৭ বছৰৰ পিছতো উক্ত ঘটনাৰ সৈতে জড়িত থকা কোনো দোষীয়ে বৰ্তমানলৈ শাস্তি লাভ নকৰাৰ বাবে শুক্ৰবাৰে চিপিআই (এমএল) ৰ কেইবাটাও সহযোগী সংগঠনৰ কৰ্মী সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

দলটোৰ নেতা ৰবি কুমাৰ ফাংচ'ই শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ বাবৰি মছজিদ ধ্বংসৰ ঘটনাই ২৭ বছৰ অতিক্ৰম কৰাৰ পিচতো এই আক্ৰমণৰ লগত জড়িত দোষীক শাস্তি প্ৰদান নকৰাটো লজ্জাজনক বিষয় বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ অসম তথা কাৰ্বি আংলঙত বসবাস কৰি থকা বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলম্বী লোক সকলৰ মাজত বিভেদৰ ভাৱ সৃষ্টি কৰাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে বুলি অভিযোগ কৰাৰ লগতে ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত বিজেপিৰ ধৰ্ম বিদ্বেষী তৎপৰতা শীঘ্ৰ বন্ধ কৰাৰো দাবী জনায় নেতা গৰাকীয়ে ৷

ইয়াৰোপৰি চিপিআই (এমএল) ৰ ভগ্নী সংগঠন ৰূপে খ্যাত কাৰ্বি আংলং জিলাৰ মহিলা সংগঠন কেএনচিএৰ শীৰ্ষ নেত্ৰী প্ৰতিমা ইংহিপীয়ে কয়, বাবৰি মছজিদৰ ধ্বংসকাৰী দোষীয়ে শাস্তি নোপোৱাটো অতি দুখজনক কথা ৷ ৰাষ্ট্ৰজুৰি 'কেব' আৰু 'এনআৰচি' বিজেপিয়ে ষড়যন্ত্ৰ ক্ৰমে জাপি দিব বিচাৰিছে যিটো আমি কোনো কৰাণতে সম্ভৱ হ'বলৈ নিদিওঁ বুলি হুংকাৰ দিয়ে কে এন চি এৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে ৷

ডিফুত চিপিআই(এমএল) ৰ ধৰ্ণা

আৰু পঢ়ক : মৃত্যুদণ্ড অথবা যাবজ্জীৱন কাৰাদণ্ড

Intro:বাবৰি মছজিদ ধ্বংসৰ ২৭ বছৰ ৷
---***------****************দোষীক শাস্তিৰ দাবীত ডিফুত চিপিআই(এমএল) ৰ ধৰ্ণা

ডিফু, ৬ ডিচেম্বৰ:- বাবৰি মছজিদ ধ্বংস হোৱা ২৭ বছৰ অতিক্ৰম হোৱাৰ পিছতো উক্ত ঘটনাৰ সৈতে জড়তি থকা কোনো দোষীকে আজিও শাস্তি লাভ নকৰাৰ প্ৰতিবাদত আজি চিপিআই(এম এল) দলৰ উদ্যোগত ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যাণত এক ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷ চিপিআই(এমএল)ৰ কেইবাটাও সহযোগী সংগঠনৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দলটোৰ নেতা ৰবি কুমাৰ ফাংচ'ই শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ বাবৰি মছজিদ ধ্বংসৰ ঘটনাই ২৭ বছৰ অতিক্ৰম কৰাৰ পিছতো এই আক্ৰমণৰ লগত জড়িত দোষীক শাস্তি প্ৰদান নকৰাটো লজ্জাজনক বিষয় বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ অসম তথা কাৰবি আংলঙত বসবাস কৰি থকা বিভিন্ন ভাষা-ভাষী ধৰ্মালম্বী লোক সকলৰ মাজত বিভেদৰ ভাৱ সৃষ্টি কৰাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত থকা অভিযোগ কৰি নেতা গৰাকীয়ে লগতে ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত বিজেপিৰ ধৰ্ম বিদ্বেষী তৎপৰতা শীঘ্ৰ বন্ধ কৰাৰ দাবী জনায় নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি চিপিআই(এমএল)ৰ ভগ্নী সংগঠন ৰূপে খ্যাত কাৰবি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন কেএনচিএৰ শীৰ্ষ নেতৃ প্ৰতিমা ইংহিপীয়ে কয়যে, বাবৰি মছজিৰ ধ্বংসকাৰী দোষী শাস্তি নোপোৱাটো চৰম দুখজনক কথা ৷ বিজেপিয়ে ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্মৰ নামত মেৰুকৰণ ঘটাই মুছলমানক বাদ দি হিন্দু বাংলাদেশীক নাগৰিকত্ব মৰ্যদা দিবলৈ আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ পৰা নিৰ্যাতিত হৈ অহা হিন্দু সকলক নাগৰিকত্ব দিব বিচাৰিছে যদিও শ্ৰীলংকা, ম্যানমাৰ আদি দেশৰ হিন্দুৰ ক্ষেত্ৰত কিয় বিজেপিৰ দৰদ নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই নেতৃগৰাকীয়ে ৷ ৰাষ্ট্ৰজুৰি 'কেব' আৰু এনআৰচি বিজেপিয়ে ষড়যন্ত্ৰ ক্ৰমে জাপি দিব বিচাৰিছে যিটো আমি কোনো পধ্যেই সম্ভৱ হবলৈ নিদিও বুলি হুংকাৰ দিয়ে কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে ৷

ছাইদুল ইছলাম, ডিফু ৷৷Body:******Conclusion:*****-
Last Updated :Dec 7, 2019, 5:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.